নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এণ্টার্কটিকাত হঠাতে অদৃশ্য ১১ বর্গকিলোমিটাৰৰ হ্রদ

গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহ পৰিণতি

নিয়মীয়া বাৰ্তা ১ জুলাইঃ ১১ বর্গকিলোমিটাৰ অঞ্চলজুৰি বিয়পি থকা সুবিশাল এটা হ্রদ হঠাতে অদৃশ্য হৈ পৰিছে এণ্টার্কটিকাত৷ এই হ্রদৰ ৬০ৰ পৰা ৭৫ কোটি ঘনলিটাৰ পানী এণ্টার্কটিকা মহাসাগৰত গৈ মিলিত হৈছে৷ উপগ্রহ ছবিত ধৰা পৰিছে এই উদ্বেগজনক তথ্য৷ এই তথ্যক লৈ যুগুতোৱা সবিশেষ প্রতিবেদন প্রকাশ পাইছে আন্তর্জাতিক বিজ্ঞান গৱেষণা পত্রিকা ‘জি’ফিজিকেল ৰিছার্চ লেটার্ছ’ত৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে এনে অভাৱনীয় ঘটনা ঘটা বুলি দাবী কৰিছে বিজ্ঞানীসকলে৷

এণ্টার্কটিকাৰ পূব প্রান্তৰ এমেৰী আইচ ছেল্ফত আছিল এই হ্রদটো৷ হ্রদটোৰ পানীৰ চাপৰ বাবেই ইয়াৰ তলত থকা পুৰু বৰফৰ আচ্ছাদন ফাটি গৈছিল৷ তাৰ ফাঁকেৰে এই বৃহৎ পৰিমাণৰ পানী গৈ মিলিত হৈছে মহাসাগৰত৷ বিজ্ঞানৰ পৰিভাষাত এনে ঘটনাক কোৱা হয় ‘হাইড্র’ফ্রেকচাৰ’৷ এনে পৰিঘটনাৰ ফলত মহাসাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব বুলি আশংকা কৰিছে বিজ্ঞানীসকলে৷

You might also like