নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামুদ্রিক ঘূর্ণি গুলাবৰ আগজাননী; ওড়িশাত হাই এলার্ট জাৰি

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ  বংগোপ সাগৰতসৃষ্ট নিম্ন চাপৰ পৰিপ্রেক্ষিতত সামুদ্রিক ঘূর্ণি গুলাবৰ সম্ভাৱনাক লৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী জাৰি কৰাৰ পাছতে ওড়িশাৰ উপকূলীয় সাতখন জিলাত হাই এলার্ট ঘোষণা কৰা হৈছে৷ সামুদ্রিক ঘূর্ণি গুলাবে ওড়িশাৰ সাতখন জিলাক অতিক্রম কৰি চুবুৰীয়া ৰাজ্য অন্ধ্রপ্রদেশলৈ ঢ়াপলি মেলিব৷

ঘূর্ণি গুলাবৰ তাণ্ডৱত ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনা থকা অঞ্চলসমূহৰ পৰা ইতিমধ্যে বাসিন্দাসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে৷ ওড়িশাৰ ডি এ আৰ এফৰ ৪২টা দল মোতায়েন কৰাৰ লগতে এনডিআৰএফৰ ২৪টা দল সম্ভাব্য অঞ্চলত মোতায়েন কৰা হৈছে৷ ৰাজ্যখনৰ সাতখন জিলা গজপতি, গণজাম, ৰায়াগৰা, কোৰাপোট, মলকানগিৰি, নৱৰংপুৰ আৰু কান্ধমালত অ’ডিআৰএএফ, এনডিআৰএফ আৰু অগ্ণিনির্বাপক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে৷ গণজামত সর্বাধিক প্রভাৱ পৰাৰ সম্ভাৱনা আছে৷

You might also like