নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ বিভিন্ন ৰাজ্যত উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহ পুনৰ মুকলি হোৱাৰ লগতে পাঠদান প্রক্রিয়া নিয়মীয়াকৈ চলোৱাৰ লগে লগে ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণৰ আশংকা তীব্রতৰ হৈ পৰিছে৷ শেহতীয়াকৈ আইআইটি মাদ্রাজত ক’ভিড–১৯ৰ সমূহীয়া সংক্রমণে শিক্ষা প্রতিষ্ঠানটোৰ শিক্ষার্থী তথা কর্মীসকলৰ নিৰাপত্তালৈ কঢ়িয়াই আনিছে আশংকা৷ আইআইটি মাদ্রাজত শতাধিক শিক্ষার্থী ক’ভিড–১৯ত আক্রান্ত হৈছে৷
উল্লেখনীয় যে সাত শতাধিক শিক্ষার্থীয়ে এই সমূহীয়া ডাইনিং হলত মিলিত হৈ আহিছে৷ ইয়াৰ পৰাই ক’ভিডৰ সংক্রমণ ঘটা বুলি সন্দেহ কৰিছে বিশেষজ্ঞ চিকিৎসকসকলে৷ পূর্বতে ১০ শতাংশ শিক্ষার্থীক আৱাসত থকাৰ অনুমতি দিয়া হৈছিল৷ কিন্তু শেহতীয়াকৈ সকলো শিক্ষার্থীকে আৱাসত থকাৰ অনুমতি দিয়াৰ উপৰি তেওঁলোকক নিজ কোঠাত খাদ্য যোগান ধৰি অহা হৈছে৷ কিন্তু ক’ভিড প্রতিৰোধৰ ক্ষেত্রত যিধৰণৰ ব্যৱস্থা গ্রহণ কৰিব লাগিছিল, সেয়া আইআইটি মাদ্রাজ কর্তৃপক্ষই গ্রহণ নকৰাৰ অভিযোগ উঠিছে৷ পৰিণতিত শিক্ষা প্রতিষ্ঠানটোত ক’ভিড–১৯ত আক্রান্ত হৈছে শতাধিক শিক্ষার্থী৷