নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব অভিলেখ ৰচি সৰযু নৈৰ পাৰত ৫.৮৪ লাখ মাটিৰ চাকি প্রজ্বলন

নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ ৰাম জনমভূমি অযোধ্যাত আৰম্ভ মহাদীপোৎসৱ৷ ৰাম মন্দিৰৰ নির্মাণকার্য আৰম্ভ হোৱাৰ পাছত প্রথমটো দীপৱালী৷ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় অনুসৰি নির্মাণকার্য চলি থকা ৰাম মন্দিৰৰ প্রান্তে প্রান্তে উদযাপিত হয় পোহৰৰ উৎসৱ৷ পৱিত্র চহৰ অযোধ্যাত উত্তৰ প্রদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল আৰু মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ উপস্থিতিত দীপোৎসৱ উদ্যাপন মহা ধুমধামেৰে আৰম্ভ কৰা হয়৷  সন্ধিয়া সৰযু নদীৰ ৰাম কী পাইড়িত দীপোৎসৱ উপলক্ষে মাটিৰ চাকি প্রজ্বলন কৰে মুখ্যমন্ত্রী যোগী আদিত্যনাথে৷ ইয়াৰ লগে লগে ৰাম মন্দিৰৰ আশে–পাশে থকা সৰযু নদীৰ ২৮টা ঘাটত অভিলেখসংখ্যক ৫,৮৪,৫৭২ মাটিৰ চাকি প্রজ্বলিত হয়৷ আকাশ উজলাই পাঁচ লক্ষাধিক মাটিৰ চাকি প্রজ্বলিত হোৱাৰ সমান্তৰালকৈ বিদ্যুতৰ আলোকসজ্জাই দৃষ্টিনন্দন পৰিৱেশ সৃষ্টি কৰে৷

বিগত বর্ষত ৪.১ লাখ মাটিৰ চাকি প্রজ্বলনেৰে গীনিজ ৱ’ল্ড ৰেকর্ড গঢ়া অযোধ্যাবাসীয়ে আজি পুনৰ ৫.৮৪ লাখ মাটিৰ চাকি প্রজ্বলনেৰে নতুন অভিলেখ গঢ়িলে৷ উল্লেখ্য যে ৰাম জনমভূমি অযোধ্যাত মহা ধুমধামেৰে পৰম্পৰাগতভাৱে দীপাৱলী উদযাপন চলি আহিছে৷ কিন্তু এইবেলি মহাদীপোৎসৱ অযোধ্যাৰ লগতে দেশবাসীৰ বাবে কিছু ব্যতিক্রম৷ কিয়নো উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছত অযোধ্যাত চলি আছে পৱিত্র ৰাম মন্দিৰৰ নির্মাণৰ কাম৷ হিন্দু ধর্মাৱলম্বী লোকৰ বাবে অতি পৱিত্র ৰাম মন্দিৰৰ নির্মাণকার্য চলি থকাৰ প্রথমটো পোহৰৰ উৎসৱ দীপাৱলী মহা ধুমধামেৰে উদযাপন কৰা হয়৷  উল্লেখ্য যে অযোধ্যাত উপস্থিত হৈ ৰাজ্যপাল আৰু মুখ্যমন্ত্রীয়ে ভগৱান ৰামক প্রার্থনা কৰাৰ পাছত ভগৱান ৰাম, দেৱী সীতা আৰু লক্ষ্মণৰ ভাও লোৱা অভিনেতাই ৰাজ্যপাল–মুখ্যমন্ত্রী আদৰণি জনায়৷

ইপিনে দীপোৎসৱত অংশগ্রহণ কৰি মুখ্যমন্ত্রী যোগী আদিত্যনাথে ৰাম মন্দিৰ নির্মাণকার্যত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লোৱা ভূমিকাক লৈ প্রধানমন্ত্রীগৰাকীক্ ভূয়সী প্রশংসা কৰে৷ তদুপৰি মুখ্যমন্ত্রীগৰাকীয়ে ৰাম মন্দিৰক লৈ দেশবাসীৰ আশা–আকাংক্ষাক প্রধানমন্ত্রী মোদীয়ে পূৰণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

You might also like