নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ ক’ভিড–১৯ মহামাৰীৰ প্রতিৰোধৰ ক্ষেত্রত মহাৰাষ্ট্র চৰকাৰে পুনৰ নৈশ সান্ধ্য আইন জাৰি কৰাৰ সিদ্ধান্ত লৈছে৷ কাইলৈৰ পৰা ৰাজ্যখনত নিশা ১১ বজাৰ পৰা পুৱা ৬ বজালৈ ক’ভিড প্রতিৰোধী সান্ধ্য আইন বলৱৎ কৰে৷ আগন্তুক ৫ জানুৱাৰীলৈ এই নৈশ সান্ধ্য আইন জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ স্মর্তব্য যে কালি ৰাজ্যখনৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই আগন্তুক ছমাহলৈকে ৰাজহুৱা স্থানত মাস্ক পৰিধান বাধ্যতামূলক কৰিছিল৷ কালি মুখ্যমন্ত্রীগৰাকীয়ে নৈশ সান্ধ্য আইন বা লকডাউনৰ পোষকতা নকৰে বুলি ঘোষণা কৰিছিল যদিও আজি বিশেষজ্ঞসকলৰ পৰামর্শ অনুসৰি এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷
লক্ষণীয়ভাৱে ব্রিটেইনত ক’ভিড–১৯ৰ পৰিৱর্তিত প্রকাৰৰ ভাইৰাছে অধিক দ্রুত সংক্রমণ চলোৱা বুলি সংবাদ প্রকাশ পোৱাৰ লগে লগে মহাৰাষ্ট্র চৰকাৰে ৰাজ্যখনত ক’ভিড মহামাৰীৰ প্রতিৰোধৰ ক্ষেত্রত অধিক কঠোৰ হোৱাৰ ইংগিত দিছে৷ অকল সেয়াই নহয়, ইউৰোপ আৰু মধ্যপ্রাচ্যৰ দেশৰ পৰা ৰাজ্যখনলৈ অহা যাত্রীসকলে ১৪ দিন প্রাতিষ্ঠানিক কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক হ’ব কাইলৈৰ পৰা৷ অর্থাৎ পুনৰ ক’ভিড মহামাৰী প্রতিৰোধৰ ক্ষেত্রত কঠোৰ হৈছে মহাৰাষ্ট্র চৰকাৰ৷