নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশত কংগ্রেছৰ সভাত মহিলা কর্মীক প্রহাৰ

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ উত্তৰ প্রদেশৰ দেওৰিয়াত কালি কংগ্রেছৰ মহিলা কর্মী এগৰাকীক দলীয় এক অনুষ্ঠানত কেইবাগৰাকীও নেতাই প্রহাৰ কৰা ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আগন্তুক উপ–নির্বাচনৰ বাবে মুকুন্দ ভাস্কৰ মণি নামৰ এগৰাকী নেতাক প্রার্থিত্ব প্রদান কৰা সিদ্ধান্তৰ প্রতিবাদ জনাইছিল তাৰা যাদৱ নামৰ কর্মীগৰাকীয়ে৷ যাদৱে মুকুন্দ ভাস্কৰ মণিৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ থকা বুলি উল্লেখ কৰিছিল৷ তেতিয়াই মহিলাগৰাকীক মঞ্চতে প্রহাৰ কৰে উপস্থিত থকা কেইবাজনো নেতা তথা কর্মীয়ে৷ এই ঘটনাৰ পিছতে ৰাজ্যখনত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷

সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা বার্তালাপত তাৰা যাদৱে উল্লেখ কৰিছে যে প্রিয়ংকা গান্ধীয়ে এইক্ষেত্রত কি ব্যৱস্থা গ্রহণ কৰে তালৈ তেওঁ এতিয়া অপেক্ষা কৰিছে৷ স্মর্তব্য যে তাৰা যাদৱক দলীয় সভাত নেতা–কর্মীসকলে আক্রমণ কৰাৰ সময়ত উপস্থিত আছিল কংগ্রেছৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক শচীন নায়কো৷ ইফালে, এই ঘটনাৰ পিছতে ৰাজ্যখনৰ কেইবাগৰাকীও বিজেপি নেতাই কংগ্রেছক কঠোৰ সমালোচনা কৰিছে৷ তাৰা যাদৱৰ ওপৰত সংঘটিত আক্রমণে কংগ্রেছ দলৰ মহিলা কর্মীসকলৰ প্রতি সন্মান নাই যে তাক পুনৰ প্রতিপন্ন কৰা বুলিও মন্তব্য কৰিছে কেইবাগৰাকীও বিজেপি নেতাই৷

কেন্দ্রীয় মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে ছ’চিয়েল মিডিয়া টুইটাৰযোগে উল্লেখ কৰিছে যে ধর্ষণত অভিযুক্ত নেতাৰ বিৰুদ্ধে মন্তব্য কৰা মহিলাক দলৰ নেতা–কর্মীয়ে ৰাজহুৱাকৈ প্রহাৰ কৰা ঘটনা লজ্জাজনক৷ এইক্ষেত্রত ৰাষ্ট্রীয় মহিলা আয়োগে ব্যৱস্থা গ্রহণ কৰিব লাগে বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷

You might also like