ৰাজ্যসভাত কেন্দ্রৰ তথ্য দেশত ভিক্ষাৰী চাৰি লক্ষাধিক
নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ কিছুমান তথ্যই মানুহক হতচকিত কৰি তোলে৷ তেনে এক তথ্য কেন্দ্রীয় চৰকাৰে ৰাজ্যসভাৰ মজিয়াত উত্থাপন কৰে৷ কেন্দ্রীয় সামাজিক ন্যায় মন্ত্রী থাৱাৰ চান্দ গেহলটে উচ্চ সদনত প্রকাশ কৰা তথ্য মতে, দেশত ৪ লক্ষাধিক ভিক্ষাৰী আছে৷ আনৰ পৰা খুজি–মাগি খোৱা ভিক্ষাৰীৰ সংখ্যা ৪,১৩,৬৭০গৰাকী৷ ইয়াৰে পুৰুষ ২,২১,৬৩৭ আৰু মহিলা ১,৯১,৯৯৭৷ দেশৰ মুঠ ভিক্ষাৰীৰ ভিতৰত সর্বাধিক ৮১,২৪৪গৰাকী আছে পশ্চিমবংগত৷ ২০২১ চনৰ লোকপিয়লৰ তথ্যৰ আধাৰত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে উচ্চ সদনত প্রকাশ কৰা তথ্যত লাক্ষাদ্বীপত সবাতোকৈ কম ভিক্ষাৰী আছে৷ লাক্ষাদ্বীপত মাত্র দুজন ভিক্ষাৰী আছে৷ ইপিনে, উত্তৰ প্রদেশত ৬৫,৮৩৫, অন্ধ্রপ্রদেশত ৩০,২১৮, বিহাৰত ২৯,৭২৩, মধ্যপ্রদেশত ২৮,৬৯৫, ৰাজস্থানত ২৫,৮৫৩, দিল্লীত ২,১৮৭ আৰু চণ্ডীগড়ত ১২১গৰাকী আছে৷ তেনেদৰে দাদৰ নগৰ হাভেলীত ১৯, দমন আৰু ডিউত ২২ আৰু আন্দামান–নিকোবৰ দ্বীপপুঞ্জত ৫৬গৰাকী আছে৷