পেলেষ্টাইন ৰাষ্ট্র নির্মাণৰ সপক্ষত আছে ভাৰতঃ তিৰুমূর্তি
নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ ইজৰাইল–পেলেষ্টাইনৰ্ বিবাদ সন্দর্ভত ভাৰতে নিজৰ স্থিতি পুনৰ স্পষ্ট কৰি কৈছে যে পেলেষ্টাইন ৰাষ্ট্র নির্মাণ ব্যৱস্থাক সদায় দেশখনে সমর্থন কৰি যাব৷ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত বিষয়টো সন্দর্ভত এক আলোচনা অনুষ্ঠিত হোৱাৰ সময়ত ভাৰতৰ কূটনীতিক টি এছ তিৰুমূর্তিয়ে এই কথা ঘোষণা কৰিছে৷ স্মর্তব্য যে পেলেষ্টাইনত মানৱ সম্পদ উন্নয়নৰ লগে লগে বিভিন্ন প্রতিষ্ঠান গঢ়ি তোলাৰ ক্ষেত্রত নতুন দিল্লী প্রশাসনে বিশেষ গুৰুত্ব আৰোপ কৰা বুলিও ঘোষণা কৰিছে তিৰুমূর্তিয়ে৷ বিশেষকৈ স্বাস্থ্য, শিক্ষা আৰু প্রযুক্তিৰ ক্ষেত্রত পেলেষ্টাইনত ভাৰতে বিভিন্ন প্রতিষ্ঠান গঢ়ি তোলাৰ সংকল্প গ্রহণ কৰিছে৷ প্রায় ৭২ নিযুত ডলাৰ এইক্ষেত্রত ভাৰতে খৰছ কৰা বুলিও স্পষ্ট কৰি দিছে কূটনীতিকগৰাকীয়ে৷ আঢ়ৈ শতাধিক পেলেষ্টাইনী যুৱক–যুৱতীক বার্ষিক হিচাপত ভাৰতে জলপানিও প্রদান কৰিছে৷