ভাৰতে পাব ছাবমেৰিন ধ্বংসকাৰী হেলিকপ্টাৰ
নিয়মীয়া বাৰ্তা ১৬ মেঃ ভাৰতৰ নৌসেনাই অতি শীঘ্রে লাভ কৰিব ছাবমেৰিন ধ্বংসকাৰী এম এইচ–৬০ আৰ হেলিকপ্টাৰ। মার্কিন সংস্থা লকহিড মার্টিনৰ সৈতে ভাৰতে ইতিমধ্যে ৯০ কোটি ৫০ লাখ ডলাৰৰ এক চুক্তি স্বাক্ষৰ কৰিছে৷ এই চুক্তিৰ ভিত্তিত ভাৰতে মুঠ ২৪খন এনে হেলিকপ্টাৰ ক্রয় কৰিব৷ ২০২১ চনৰ প্রথম ভাগতেই ইয়াৰে কেইবাখনো হেলিকপ্টাৰ লাভ কৰিব ভাৰতীয় নৌসেনাই৷ উল্লেখ্য যে সমুদ্রৰ অতি গভীৰত শত্রুপক্ষৰ ছাবমেৰিন থাকিলেও এই হেলিকপ্টাৰ তেনে ছাবমেৰিন ধ্বংস কৰিবলৈ সক্ষম৷ এই মুহূর্তত ১৯৭১ চনত ব্রিটেইনৰ পৰা লাভ কৰা ‘ছী কিং’ নামৰ ছাবমেৰিন ধ্বংসকাৰী হেলিকপ্টাৰ ব্যৱহাৰ কৰি আছে ভাৰতীয় নৌসেনাই৷