নিয়মীয়া বাৰ্তা ৩০ জুনঃ সন্ত্রাসবাদীয়ে ড্রোনেৰে অস্ত্র লৈ বিভিন্ন স্থানত কূটাঘাত সংঘটিত কৰিবলৈ লোৱা বিষয়টোক গুৰুত্বসহকাৰে ল’বলৈ ৰাষ্ট্রসংঘক আহ্বান জনাইছে ভাৰতে৷ বিশ্ব সম্প্রদায়ে সন্ত্রাসবাদীৰ শেহতীয়া এই কূটাঘাতী কৌশলক গুৰুত্ব প্রদান নকৰিলে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলিও ৰাষ্ট্রসংঘৰ মজিয়াত সৰৱ হৈছে ভাৰত৷
উল্লেখনীয় যে জম্মুৰ বায়ুসেনাৰ ঘাটিত দ্রোণেৰে পাক সন্ত্রাসবাদীয়ে দুটাকৈ বিস্ফোৰণ সংঘটিত কৰা ঘটনাৰ পিছত ভাৰতে এই বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰিছে৷ স্মর্তব্য যে জম্মুত বায়ুসেনাৰ ঘাটিত ড্রোনেৰে শক্তিশালী আই ই ডিৰ বিস্ফোৰণ ঘটোৱাৰ পিছত স্থলসেনাৰ ৰাটনুচ’ক–কালুচ’কস্থিত শিবিৰতো ড্রোনেৰে কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা চলাইছিল পাকিস্তানী সন্ত্রাসবাদীয়ে৷
অৱশ্যে, স্থলসেনাৰ সতর্কতা তথা তৎপৰতাৰ বাবে সন্ত্রাসবাদীয়ে ড্রোনেৰে বিস্ফোৰণ ঘটাবলৈ সক্ষম নহ’ল শিবিৰত৷ সেনাই এই ড্রোন গুলীয়াই ভূপতিত কৰাৰ চেষ্টা চলাইছিল যদিও নিশাৰ অন্ধকাৰৰ সুযোগ লৈ এই ড্রোনে পলায়ন কৰিবলৈ সক্ষম হয়৷ লক্ষণীয়ভাৱে মাত্র দুটা দিনৰ ভিতৰতে পাকিস্তানৰ ড্রোনে ভাৰতীয় বায়ুসেনা আৰু স্থলসেনাৰ ঘাটিত কূটাঘাতৰ ব্যর্থ পৰিকল্পনা চলোৱাৰ পাছত বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ মজিয়াত সৰৱ হৈছে ভাৰত৷