নিয়মীয়া বাৰ্তা ১৭ জুলাইঃ ভাৰতৰ দৰব প্রস্তুত উদ্যোগ অর্থাৎ ফার্মা ইণ্ডাষ্ট্রীয়ে সমগ্র বিশ্বৰ বাবে ক’ভিড–১৯ৰ ভেকচিন প্রস্তুতৰ সক্ষমতা ৰাখিছে৷ শেহতীয়াকৈ মাইক্র’ছফ্টৰ সহঃ প্রতিষ্ঠাতা বিল গেটছে এই কথা ঘোষণা কৰিছে৷ ক’ভিড–১৯ৰ ভেকচিন তথা দৰব প্রস্তুতেৰে সমগ্র বিশ্বক মহামাৰীমুক্ত কৰাৰ ক্ষমতা ভাৰতত থকা বুলি বিল গেটছে মন্তব্য কৰাৰ পাছতেই বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷ বিল আৰু মেলিণ্ডা গেটছ ফাউণ্ডেচনৰ সহঃ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰা অনুসৰি ফার্মা উদ্যোগত ভাৰতে বহু গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিবলৈ সক্ষম হৈছে৷ ক’ভিড–১৯ৰ ভেকচিনৰ প্রস্তুতৰ ক্ষেত্রতো ভাৰতীয় ফার্মা উদ্যোগে মনোনিৱেশ কৰা বুলি উল্লেখ কৰিছে গেটছে৷ অৱশ্যে ভাৰতত দেশখনৰ জন ঘনত্ব আৰু স্বাস্থ্য সংকটৰ বাবে ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা বুলি স্বীকাৰ কৰিছে গেটছে৷ লক্ষণীয়ভাৱে ভাৰতত কেইবাটাও পর্যায়ত ক’ভিড–১৯ ভেকচিনৰ পৰীক্ষা চলি থকা সময়তে বিল গেটছৰ এই মন্তব্যই কঢ়িয়াইছে তাৎপর্য৷