নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বাসঘাতক চীনক যোগ্য প্রত্যুত্তৰ দিব ভাৰতে

২০ জোৱানৰ বীৰগতিত অগ্নি বৰষিছে দেশতঃ প্রধানমন্ত্রীৰ হুংকাৰ

নিয়মীয়া বাৰ্তা ১৮ জুনঃ ভাৰতে শান্তি বিচাৰে৷ যদি প্রৰোচিত কৰা হয়, যিকোনো পৰিস্থিতিতে যথোচিত প্রত্যুত্তৰ দিবলৈ সক্ষম ভাৰত৷ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ লাডাখৰ গালৱানত চীনা সৈন্যৰ হাতত শ্বহীদ হোৱা ২০ জোৱানক শ্রদ্ধাঞ্জলি জনাই প্রধানমন্ত্রী মোদীয়ে চীনক এই চৰম সকীয়নি দিয়ে৷ দেশৰ সংহতি আৰু সার্বভৌমত্বৰ ক্ষেত্রত কেতিয়াও আপোচ নকৰোঁ বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– আমাৰ জোৱানৰ আত্মবলিদানক কেতিয়াও অথলে যাবলৈ দিয়া নহয়৷ ভাৰতে শান্তি বিচাৰে৷ কিন্তু যদি কোনোবাই প্রৰোচিত কৰে, তেতিয়াহ’লে দেশখন যথোচিত প্রত্যুত্তৰ দিবলৈ সক্ষম৷ বুধবাৰে ক’ৰোনা ভাইৰাছ লকডাউনক লৈ দেশৰ মুখ্যমন্ত্রীৰ সৈতে দ্বিতীয়খন ভার্ছুৱেল বৈঠকৰ প্রাকমুহূর্তত শ্বহীদ জোৱানক শ্রদ্ধাঞ্জলি জনাই দুই মিনিট মৌন প্রার্থনাৰ পাছতে চীনক চৰম সকীয়নি দি প্রধানমন্ত্রী মোদীয়ে কয়– ‘কাৰোৱেই কোনো সন্দেহ বা ভ্রম নাই যে ভাৰতে শান্তি বিচাৰে৷ কিন্তু যেতিয়া প্রৰোচনা কৰা হয়, তেতিয়া দেশখন যথোচিত প্রত্যুত্তৰ দিবলৈ সক্ষম৷ চীনা সৈন্যৰ সৈতে যুঁজৰ সময়ত প্রাণ আহুতি দিয়া দেশৰ যোদ্ধাক লৈ সমগ্র দেশবাসী গৌৰৱান্বিত৷’ তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয়– ভাৰতে নিবিচাৰে যে মতভেদ, বিবাদ হওক৷ আমি কাকো কেতিয়াও প্রৰোচনা নকৰোঁ৷ কিন্তু আমি আমাৰ সংহতি আৰু সার্বভৌমত্বৰ সৈতে কাৰো সৈতে আপোচ নকৰোঁ৷ সময় যেতিয়াই আহে, সংহতি আৰু সার্বভৌমত্ব সুৰক্ষিত কৰাৰ বাবে আমি আমাৰ শক্তি আৰু সক্ষমতা প্রমাণিত কৰি আহিছোঁ৷ ত্যাগ আৰু সহনশীলতা আমাৰ ৰাষ্ট্রীয় চৰিত্র৷ কিন্তু বীৰত্ব আৰু সাহসো আমাৰ দেশৰ চৰিত্র৷ উল্লেখ্য যে যোৱা সোমবাৰে লাডাখৰ গালৱানত চীনা সৈন্যৰ হাতত কর্নেলসহ ২০ জোৱান শ্বহীদ হোৱাৰ পাছতে বিৰোধী কংগ্রেছ দলৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধী–সাংসদ ৰাহুল গান্ধী আৰু প্রাক্তন প্রধানমন্ত্রী এইচ ডি দেৱেগৌড়াকে ধৰি বিৰোধী ৰাজনীতিকে লাডাখত বিগত মাহ ধৰি চলি থকা উত্তেজনাক লৈ প্রধানমন্ত্রী নীৰৱ হৈ থকা বুলি সমালোচনা কৰিছে৷ এই সমালোচনাৰ পাছতেই আজি প্রধানমন্ত্রী মোদী উক্ত গালৱান ঘটনাক লৈ সৰৱ হৈ দেশৰ স্বার্থত চুবুৰীয়া ৰাষ্ট্রখনক যথোচিত প্রত্যুত্তৰ দিবলৈ দ্বিধাবোধ নকৰে বুলি সকীয়নি দিয়ে৷ উল্লেখ্য যে সোমবাৰে গালৱানত ২০জনকৈ ভাৰতীয় সেনাবাহিনীৰ বীৰ জোৱান শ্বহীদ হোৱাৰ ঘটনাই দেশজুৰি বিশ্বাসঘাতক চীনৰ বিৰুদ্ধে তীব্র ক্ষোভৰ সৃষ্টি কৰিছে৷ সামৰিক বিশেষজ্ঞসহ দেশৰ অধিকাংশ নাগৰিকে চীনক এশকনি দিবলৈ কেন্দ্রীয় চৰকাৰক দাবী জনাইছে৷
চীনৰ বৈদেশিক মন্ত্রীৰ সৈতে টেলিফোনিক বার্তালাপ ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰৰ
লাডাখৰ গালৱানৰ সংঘর্ষ সম্পর্কত চীনৰ বৈদেশিক মন্ত্রীৰ সৈতে টেলিফোনিক বার্তালাপ কৰিলে ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰে৷ চীনৰ বৈদেশিক মন্ত্রী ৱাং য়িৰ সৈতে বার্তালাপৰ সময়ত গালৱানৰ ঘটনাৰ বাবে দেশখনক জগৰীয়া কৰি কঠোৰ বার্তা দিয়ে বৈদেশিক মন্ত্রী জয়শংকৰে৷ বার্তালাপৰ সময়ত বৈদেশিক মন্ত্রী জয়শংকৰে চীনক কঠোৰ বার্তা দি কয় যে গালৱানত যি ঘটিছে, সেয়া চীনৰ দ্বাৰা পূর্বপৰিকল্পিত৷ এই ঘটনাৰ বাবে দেশখন জগৰীয়া৷ বার্তালাপৰ সময়ত দুয়ো দেশৰ বৈদেশিক মন্ত্রীয়ে উত্তেজনা শাম কটোৱাৰ বাবে সন্মতি প্রকাশ কৰাৰ লগতে আলোচনাৰ জৰিয়তে সকলো বিষয় সমাধান কৰাৰ পোষকতা কৰে৷ এই আলোচনাত চীনৰ বৈদেশিক মন্ত্রীগৰাকীয়ে বর্তমান স্থিতিক লৈ সৃষ্টি হোৱা বিভেদ শক্তিশালী যোগাযোগ আৰু সমন্বয়ৰ জৰিয়তে সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ মন্ত্রীগৰাকীয়ে দুয়োখন দেশে তেওঁলোকৰ নেতাৰ দ্বাৰা ঐকমত্যত উপনীত হোৱা গুৰুত্বপূর্ণ বিষয়ো অনুকৰণ কৰিব লাগে বুলি কয়৷ আনপিনে ভাৰতৰ বৈদেশিক মন্ত্রীগৰাকীয়ে লাডাখৰ সংঘর্ষৰ বাবে জগৰীয়াসকলক গুৰুতৰ শাস্তি বিহি আগ্রাসী সৈন্যক নিয়ন্ত্রণ কৰিবলৈও আলোচনাত প্রাধান্য দিয়ে৷

You might also like