নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৫ৰ ভিতৰত বিশ্বৰ পঞ্চম বৃহত্তম অর্থনীতি হ’ব ভাৰত

চিইবিআৰৰ বার্ষিক প্রতিবেদনত ঘোষণা

নিয়মীয়া বার্তা, ২৭ ডিচেম্বৰঃ ২০২৫ চনৰ ভিতৰত বিশ্বৰ পঞ্চম বৃহত্তম অর্থনীতি হিচাপে পৰিগণিত হ’ব ভাৰত৷ থিংক টেংকে বার্ষিক প্রতিবেদনত উল্লেখ কৰিছে এই কথা৷ চেণ্টাৰ ফৰ ইক’নমিকছ এণ্ড বিজনেছ ৰিছার্চ (চি ই বি আৰ) নামৰ সংস্থাটোৱে সদৰী কৰা অনুসৰি ২০২১ বর্ষটোত ভাৰতৰ অর্থনীতি ৯ শতাংশ সম্প্রসাৰিত হ’ব৷ সেইদৰে আগন্তুক ২০২২ চনৰ ভিতৰত দেশৰ অর্থনীতিৰ সম্প্রসাৰণ ঘটিব ৭ শতাংশৰ ভিতৰত৷

২০২০ চনত বিশ্বৰ ষষ্ঠ বৃহত্তম অর্থনীতি হিচাপে সন্তুষ্ট থাকিবলগীয়া হৈছে জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় বৃহত্তম দেশখনে৷ চি ই বি আৰৰ সমীক্ষা অনুসৰি ২০২৫ চনত ব্রিটেইনক পুনৰ অতিক্রম কৰি পঞ্চম বৃহত্তম অর্থনীতি ৰূপে ভাৰত পৰিগণিত হোৱাৰ উপৰি ২০৩০ চনৰ ভিতৰত দেশখনে বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি হিচাপে স্থান লাভ কৰিব৷

স্মর্তব্য যে ২০১৯ত ব্রিটেইনক অতিক্রম কৰি প্রথমবাৰৰ বাবে ভাৰতে পঞ্চম বৃহত্তম অর্থনীতি ৰূপে চিহ্ণিত হৈছিল যদিও ২০২০ চনত পুনৰ ষষ্ঠ স্থানলৈ অৱনমিত হ’বলগীয়া হয় দেশখন৷ ক’ৰোনা ভাইৰাছ মহামাৰীয়ে অর্থনীতিত সৃষ্টি কৰা ঋণাত্মক প্রভাৱৰ বাবেই চলিত বর্ষটোত ভাৰত ব্রিটেইনতকৈ পিছ পৰিবলগীয়া হৈছে৷

লক্ষণীয়ভাৱে ভাৰত অর্থনৈতিক ক্ষেত্রত অধিক উন্নত হ’বলৈ হ’লে আভ্যন্তৰীণ উৎপাদন বৃদ্ধিৰ হাৰ ক্ষিপ্রতৰ হ’ব লাগিব৷ কিন্তু বৃদ্ধিৰ হাৰ দেশখনত অতি মন্থৰ৷ ২০৩৫ চনত দেশখনত বার্ষিক জি ডি পি ৫.৮ শতাংশ হ’ব বুলি আশা কৰা হৈছে চি ই বি আৰৰ প্রতিবেদনত৷ ২০২৫ৰ ভিতৰত ভাৰতে ব্রিটেইনক অতিক্রম কৰাৰ উপৰি ২০২৭ত জার্মানী আৰু ২০৩০ত জাপানক অতিক্রম কৰিব বুলি ব্রিটেইনৰ এই থিংক টেংক সংস্থাটোৱে ঘোষণা কৰিছে৷

লক্ষণীয়ভাৱে ২০২৮ চনত চীনে আমেৰিকাক অতিক্রম কৰি বিশ্বৰ প্রথম বৃহত্তম অর্থনীতি হিচাপে চিহ্ণিত হ’ব বুলিও চি ই বি আৰে ঘোষণা কৰিছে৷ উল্লেখনীয় যে পূর্বে চি ই বি আৰে পাঁচ বছৰ পলমকৈ আমেৰিকাক অতিক্রম কৰি চীন প্রথম বৃহত্তম অর্থনীতি হিচাপে চিহ্ণিত হ’ব বুলি ঘোষণা কৰিছিল যদিও ক’ভিড–১৯ মহামাৰীৰ সময়ত আর্থিক বিপর্যয় প্রতিৰোধৰ ক্ষেত্রত চীনে আমেৰিকাতকৈ অধিক অভিলাষী আঁচনি গ্রহণ কৰিবলৈ সক্ষম হৈছে৷ গতিকে দেশখনে ২০২৮তে এইক্ষেত্রত আমেৰিকাক অতিক্রম কৰিবলৈ সক্ষম হ’ব বুলি ব্রিটিছ থিংক টেংক সংস্থাটোৱে ঘোষণা কৰিছে৷

You might also like