অহা বর্ষত ভাৰতে প্রস্তুত কৰিব ৫০০ কোটি ক’ভিড ভেকচিন
জি–২০ সন্মিলনত প্রধানমন্ত্রী নৰেন্দ্র মোদী
নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ ইটালীৰ ৰাজধানী মহানগৰ ৰোমত অনুষ্ঠিত জি–২০ গোষ্ঠীৰ সন্মিলনত ভাৰতৰ প্রধানমন্ত্রী বিশ্বৰ সমৃদ্ধিশালী দেশসমূহৰ নেতাসকলৰ সৈতে মিলিত হৈ বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰিছে৷ কালি আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ সৈতে মিলিত হোৱাৰ পাছত প্রধানমন্ত্রী মোদীয়ে আজি ইউৰোপীয় দেশসমূহৰ শীর্ষ নেতাসকলৰ সৈতে মত বিনিময় কৰে৷ ৰোমত অনুষ্ঠিত জি–২০ সন্মিলনত আজি ইটালীৰ প্রধানমন্ত্রী মাৰি’ ড্রাঘিয়ে উল্লেখ কৰে যে জলবায়ু পৰিৱর্তন সন্দর্ভত আলোচনাত যি ফল পোৱা গৈছে, তাক লৈ ইটালী গর্বিত৷ কিন্তু জলবায়ু পৰিৱর্তনক লৈ ইতিবাচক আলোচনাৰ এয়া মাত্র আৰম্ভণিহে, সেই কথা সকলোৱে মনত ৰাখিব লাগিব বুলিও উল্লেখ কৰে ড্রাঘিয়ে৷
স্মর্তব্য যে সন্মিলনত বিশ্ব নেতৃত্বই জলবায়ু উষ্ণতা ১.৫ ডিগ্রী চেলছিয়াছলৈ সীমিত কৰাৰ বাবে ইতিমধ্যে প্রতিশ্রুতি প্রদান কৰিছে৷ ইফালে জলবায়ু পৰিৱর্তন সন্দর্ভত কি পদক্ষেপ গ্রহণ কৰিব লাগে, সেই সন্দর্ভত ভাৰতকে ধৰি আন উন্নয়নশীল দেশসমূহে যি ধাৰণা আগবঢ়াইছে, সেয়া জি–২০ৰ সন্মিলনত গ্রহণযোগ্য হিচাপে বিবেচিত হৈছে৷ লক্ষণীয়ভাৱে জলবায়ু পৰিৱর্তন সন্দর্ভত উন্নয়নশীল দেশসমূহক বিভিন্ন ধৰণে সাহায্য আগবঢ়োৱাৰ পৰামর্শ প্রদান কৰিছে কেইবাগৰাকীও ৰাষ্ট্র নেতাই৷ অকল জলবায়ুৰ বিষয়টোৱেই নহয়, শক্তি আৰু জলবায়ুৰ ক্ষেত্রত উন্নত দেশসমূহে কেনে ব্যৱস্থা গ্রহণ কৰিব লাগে, এই সন্দর্ভত ভাৰতৰ বক্তব্য গুৰুত্বপূর্ণ আছিল বুলি চৰকাৰী সূত্রই সদৰী কৰিছে৷ লক্ষণীয়ভাৱে জি–২০ সন্মিলনত অংশগ্রহণকাৰী নেতাসকলে চলিত বর্ষৰ শেষলৈ বিশ্ব জনসংখ্যাৰ কমপক্ষেও ৪০ শতাংশক ক’ভিড ভেকচিন প্রদান কৰাৰ সংকল্প গ্রহণ কৰিছে৷ ২০২২ৰ মাজভাগত ৭০ শতাংশ লোকে ভেকচিন লাভ কৰিব লাগিব বুলি সংকল্প লোৱা হৈছে এই সন্মিলনত৷
এই বিষয়টোত ভাৰতৰ ভূমিকা গুৰুত্বপূর্ণ হ’ব৷ কাৰণ সন্মিলনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রতিশ্রুতি দিছে যে অহা বছৰটোৰ ভিতৰত ভাৰতে ৫০০ কোটিতকৈও অধিক ক’ভিড–১৯ ভেকচিন প্রস্তুত কৰিব৷ গোলকীয় অর্থনীতি আৰু গোলকীয় স্বাস্থ্য শীর্ষক বৈঠকত প্রধানমন্ত্রী মোদীয়ে অংশগ্রহণ কৰি এই কথাও উল্লেখ কৰে যে ভাৰতে ক’ভিড মহামাৰীৰ সংক্রমণ প্রতিৰোধত দীঘলীয়া যাত্রাৰ সংকল্প লৈছে৷ এনে পৰিস্থিতিত বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ ভেকচিনক শীঘ্রে অনুমোদন জনাব লাগে বুলিও মন্তব্য কৰে মোদীয়ে৷ এক বিশ্ব এক স্বাস্থ্যৰ লক্ষ্যৰে সকলোৱে আগবাঢ়ি যাব লাগিব বুলি উল্লেখ কৰি ক’ভিড–১৯ মহামাৰী প্রতিৰোধী যুঁজত ভাৰতে পার্যমানে সকলো পদক্ষেপ গ্রহণ কৰিব বুলিও মোদীয়ে প্রতিশ্রুতি দিছে৷ জি–২০ৰ বৈঠকত সদস্য ৰাষ্ট্রসমূহৰ নেতাসকলে আজি অন্তিম দিনা গোলকীয় উষ্ণতা ১.৫ ডিগ্রী চেলছিয়াছলৈ হ্রাস কৰাৰ ক্ষেত্রত ঐকমত্যত উপনীত হোৱাটো সন্মিলনৰ গুৰুত্বপূর্ণ দিশ বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷ অৱশ্যে জি–২০ৰ এই বৈঠকৰ সংকল্পই স্কটলেণ্ডৰ গ্লাছগো চহৰত জলবায়ু সন্মিলনত কেনেধৰণৰ প্রভাৱ পেলায়, সেয়া হ’ব লক্ষণীয় দিশ৷ আজি ৰোমৰ পৰাই গ্লাছগো অভিমুখে বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে যাত্রা কৰিব৷ স্মর্তব্য যে জি–২০ ব্লকৰ ব্রাজিল, চীন, ভাৰত, জার্মানী আৰু আমেৰিকাই বিশ্বৰ ৮০ শতাংশতকৈ অধিক গ্রীনহাউছ গেছ নির্গমন কৰি আহিছে৷ গতিকে সন্মিলন হ’ব বিভিন্ন দিশৰ পৰা গুৰুত্বপূর্ণ৷