নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃণমূল কংগ্রেছৰ সাংসদ নুছৰাটৰ সেন্দূৰ ব্যৱহাৰ ভাৰতীয় সংস্কৃতিলৈ অপমান

নিয়মীয়া বাৰ্তা ২৪ জুনঃ বাংলা ছবিৰ নায়িকা তথা তৃণমূল কংগ্রেছৰ সাংসদ নুছৰাট জাহানৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে পশ্চিমবংগ বিজেপিৰ সভাপতি দিলীপ ঘোষ৷ ব্যৱসায়ী নিখিল জৈনৰ সৈতে বিবাহ বিতর্ক আৰু অভিনেত্রীগৰাকী অন্তঃসত্ত্বা হোৱাৰ প্রচাৰৰ মাজতে দিলীপ ঘোষে উল্লেখ কৰিছে যে নুছৰাট জাহানে ভাৰতীয় সংস্কৃতিক অসন্মান কৰিছে৷ লক্ষণীয়ভাৱে চলিত মাহৰ আৰম্ভণিতে নুছৰাট জাহানে নিখিল জৈনৰ সৈতে বিবাহ অবৈধ আছিল বুলি মন্তব্য কৰিছিল৷

তুৰস্কত জাহানে জৈনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও ভাৰতীয় আইনে সেই বিবাহক বৈধতা প্রদান নকৰে বুলি অভিনেত্রীগৰাকীয়ে উল্লেখ কৰিছে৷ তেতিয়াৰে পৰা দিলীপ ঘোষ সৰৱ হৈ আছে জাহানৰ বিৰুদ্ধে৷ নুছৰাট জাহানে কেতিয়াও বিবাহপাশত আবদ্ধ নোহোৱাকৈ সেন্দূৰ ব্যৱহাৰ কৰাটো ভাৰতীয় সংস্কৃতিৰ প্রতি অপমান বুলি উল্লেখ কৰিছে ঘোষে৷ লক্ষণীয়ভাৱে এগৰাকী ব্যক্তিক নিজৰ স্বামী আখ্যা দি মুখ্যমন্ত্রীক অভ্যর্থনালৈ আমন্ত্রণ জনোৱা নুছৰাট জাহানে এতিয়া তেওঁৰ বিবাহ অবৈধ আছিল বুলি কেনেদৰে মন্তব্য কৰিব পাৰে বুলিও প্রশ্ণৰ অৱতাৰণা কৰিছে দিলীপ ঘোষে

You might also like