নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ ভাৰতৰ মানুহ সুখী নহয়৷ চৰকাৰে বিশ্বৰ এক বৃহৎ অর্থনীতি হিচাপে ভাৰত চিহ্ণিত হৈ পৰা বুলি উল্লেখ কৰাৰ উপৰি দেশত জীৱন ধাৰণৰ মান উন্নত হোৱা বুলি দাবী কৰি আছে যদিও আন্তর্জাতিক সমীক্ষা অনুসৰি ভাৰতৰ মানুহ সুখী হ’ব পৰা নাই৷ বিশ্বৰ ১৪৯খন দেশক লৈ চলোৱা ‘গোলাপ ৱ’ল্ড’ সমীক্ষা অনুসৰি ভাৰতৰ স্থান এই তালিকাত ১৩৯৷ তিনিটা বিষয়ৰ ওপৰত গুৰুত্ব প্রদান কৰি চলোৱা হৈছিল এই সমীক্ষা৷
এই সমীক্ষাত জীৱনৰ মূল্যায়ন, ইতিবাচক আৱেগ আৰু নেতিবাচক আৱেগক ভিত্তি হিচাপে গ্রহণ কৰা হৈছে৷ গোলাপ ৱ’ল্ডৰ সমীক্ষাৰ প্রতিবেদন আজি প্রকাশ পাইছে৷ এই প্রতিবেদনৰ শিৰোনাম হৈছে ‘ৱ’ল্ড হেপীনেছ ৰিপ’ট–২০২১’৷ ৰাষ্ট্রসংঘৰ ছাষ্টেইনেব’ল ডেভেল’পমেণ্ট ছলিউছনছ নেটৱর্কৰ তৰফৰ পৰা এই প্রতিবেদন প্রকাশ কৰা হৈছে৷ দৈনিক জীৱন ধাৰণৰ মান ভাৰতৰ মানুহৰ আজিও উন্নত হোৱা নাই৷
লক্ষণীয়ভাৱে ভাৰতৰ মানুহৰ নেতিবাচক আৱেগ বেছি৷ কাৰণ মূল কথাটোৱেই হৈছে জীৱিকাৰ সংকট৷ লক্ষণীয়ভাৱে এই তালিকাত ১০খন দেশৰ মানুহ আটাইতকৈ সুখী হিচাপে চিহ্ণিত হৈছে৷ তালিকাত প্রথম ১০টা স্থানত থকা দেশকেইখন হৈছে ক্রমে– ফিনলেণ্ড, ডেনমার্ক, ছুইজাৰলেণ্ড, আইচলেণ্ড, নেদাৰলেণ্ড, নৰৱে’, ছুইডেন, লাক্সেমবার্গ, নিউজিলেণ্ড আৰু অষ্ট্রিয়া৷
লক্ষণীয়ভাৱে ভাৰতৰ অধিকসংখ্যক মানুহৰ জীৱনলৈ নেতিবাচক আৱেগে দুশ্চিন্তা, দুখ আৰু ক্ষোভ কঢ়িয়াই অনাৰ ফলত অধিকসংখ্যক ভাৰতীয় সুখী নহয় বুলি প্রতিপন্ন হৈছে৷