নৌসেনাক অর্পণ কৰিলে দেশীয় প্রযুক্তিৰে নির্মিত ছাবমেৰিন
নিয়মীয়া বাৰ্তা, ১১ মার্চঃ ভাৰতৰ দ্বিতীয় স্ক’ৰপেন–ক্লাছ ডিজেল–ইলেকট্রিক ছাবমেৰিন আই এন এছ কৰঞ্জ নৌসেনাৰ হাতত অর্পণ কৰা হৈছে৷
নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিং আৰু অৱসৰপ্রাপ্ত এডমিৰেল ভি এছ শ্বেখাৱটৰ উপস্থিতিত কালি দেশৰ নৌবাহিনীৰ হাতত অর্পণ কৰা হৈছে এই বিশালকায় ছাবমেৰিনখন৷
নৌসেনাক আনুষ্ঠানিকভাৱে এই ছাবমেৰিনখন গতাই দিয়াৰ সময়ত চীফ এডমিৰেল কৰমবীৰ সিঙে উল্লেখ কৰে যে বিগত সাতটা দশকত ভাৰতীয় নৌসেনাই নিজস্ব প্রযুক্তিৰে প্রতিৰক্ষাৰ ক্ষেত্রত গুৰুত্ব প্রদান কৰি আহিছে৷
এই ছাবমেৰিনখনে নৌসেনাৰ শক্তি অধিক বৃদ্ধি কৰিব বুলিও এডমিৰেলগৰাকীয়ে উল্লেখ কৰিছে৷ বর্তমান ৪২খন ৰণতৰী আৰু ছাবমেৰিন ভাৰতৰ নিজা প্রযুক্তিৰে নির্মাণ কৰি থকা বুলিও এডমিৰেল কৰমবীৰ সিঙে ঘোষণা কৰে৷
লক্ষণীয়ভাৱে স্ক’ৰপেন–ক্লাছৰ দুখন ছাবমেৰিন আই এন এছ কালভাৰি আৰু আই এন এছ খাণ্ডেৰি ইতিমধ্যে নৌসেনাক অর্পণ কৰা হৈছে৷