ইজৰাইলৰ প্রধানমন্ত্রীৰ বিৰুদ্ধে বিশাল প্রতিবাদ
নিয়মীয়া বাৰ্তা, ২৯ জুনঃ ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৰ বিৰুদ্ধে দেশখনত কেইবাসহস্র লোকে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ দুর্নীতিৰ গোচৰত অভিযুক্ত প্রধানমন্ত্রী নেতান্যেহুৰ জেৰুজালেমৰ বাসভৱনৰ বাহিৰত এই প্রতিবাদ হয়৷
উল্লেখ্য যে নেতান্যেহুক অপৰাধী মন্ত্রী আখ্যা দি প্রতিবাদ সাব্যস্ত কৰাত আৰক্ষীয়ে কেইবাজনো লোকক আটক কৰে৷ আটকাধীন লোকৰ মাজত ইজৰাইলৰ বায়ুসেনাৰ প্রাক্তন জেনেৰেল এগৰাকীও আছে৷
উল্লেখ্য যে প্রধানমন্ত্রীৰ বিৰুদ্ধে প্রতিবাদৰ নামত ৰাজপথ অৱৰোধ কৰাটো বেআইনী বুলিও আৰক্ষীয়ে প্রতিবাদকাৰীক সেই স্থান ত্যাগ কৰিবলৈ দিয়ে৷ কিন্তু প্রতিবাদকাৰী আঁতৰি নোযোৱাত অৱশেষত বল প্রয়োগ কৰে আৰক্ষীয়ে৷