নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইলৰ পক্ষীকুলত এভিয়ান ফ্লুৰ সংহাৰ

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ  ক’ভিড–১৯ মহামাৰীৰ কেইবাটাও প্রকৰণে বিশ্বজুৰি সংক্রমণৰ সংহাৰ অব্যাহত ৰখাৰ সময়তে ইজৰাইলত এভিয়ান ফ্লুৱে পক্ষীকুলৰ মাজত সৃষ্টি কৰিছে বিভীষিকা৷ দেশখনৰ পৰিৱেশমন্ত্রী তামাৰ জাণ্ডবার্গে উল্লেখ কৰা অনুসৰি ইজৰাইলৰ ইতিহাসত বন্যপ্রাণীলৈ আটাইতকৈ ভয়াৱহ দুর্যোগ নামি আহিছে৷ শেহতীয়াকৈ এটা দিনৰ ভিতৰতে দেশখনৰ হুলা ৰাষ্ট্রীয় সংৰক্ষিত অৰণ্যত মৃত্যু হৈছে পাঁচ সহস্রাধিক পৰিভ্রমী বগলীৰ৷ এভিয়ান ফ্লুৰ ফলত এই বগলীবোৰৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে ইজৰাইলে৷

লক্ষণীয়ভাৱে পোহনীয়া পক্ষীকুললৈ যাতে এই মহামাৰী বিয়পিব নোৱাৰে তাৰ প্রতি লক্ষ্য ৰাখি লাখ লাখ টার্কী পক্ষী নিধন কৰিছে ইজৰাইল চৰকাৰে৷ ইফালে, দেশখনৰ কৃষক তথা পক্ষী পালকসকলক পাঁচ লক্ষাধিক কুকুৰা বধ কৰিবলৈ বাধ্য কৰাইছে প্রশাসনে৷ ইয়াৰ ফলত দেশখনত হঠাতে সৃষ্টি হৈছে কণীৰ নাটনি৷ লক্ষণীয়ভাৱে পক্ষী জ্বৰৰ এই ভয়াৱহতাক লৈ ইজৰাইল চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে যদিও এতিয়ালৈকে মানুহৰ দেহলৈ এই জ্বৰ বিয়পি পৰাৰ কোনো তথ্য লাভ কৰা নাই স্বাস্থ্য বিভাগে৷ এভিয়ান ফ্লু বা এ (এইচ–৫ এন–১) ভাইৰাছ মানুহৰ দেহলৈ সংক্রমিত হোৱাৰ তথ্য ইজৰাইলৰ স্বাস্থ্য বিভাগে লাভ কৰা নাই যদিও যিকোনো মুহূর্ততে এই মহামাৰীয়ে মানৱ সমাজতো সংহাৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে৷ স্মর্তব্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০০৩ চনৰ পৰা এভিয়ান ফ্লুত পৃথিৱীত ৪৫৬গৰাকী লোকৰ মৃত্যু হৈছে৷ গতিকে সংস্থাটোৰ মতে মানুহৰ বাবে এই ভাইৰাছ পক্ষীৰ দৰে বিপজ্জনক নহয়৷

You might also like