নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিক সুনীল জৈনৰ ক’ৰোনাত মৃত্যু

নিয়মীয়া বাৰ্তা ১৭ মেঃ বাণিজ্যিক সংবাদ–পত্র ‘দ্য ফাইনেঞ্চিয়েল এক্সপ্রেছ’ৰ পৰিচালন সঞ্চালক সুনীল জৈনৰ ক’ভিড–১৯ত মৃত্যু হৈছে৷ সাংবাদিকগৰাকীৰ ভগ্নী সন্ধ্যা জৈনে আজি এই কথা সদৰী কৰিছে৷ লক্ষণীয়ভাৱে ক’ভিডত আক্রান্ত হোৱাৰ পাছত সুনীল জৈনক এইমছত ভর্তি কৰোৱা হৈছিল৷

ছ’চিয়েল মিডিয়া টুইটাৰযোগে সাংবাদিকগৰাকীৰ ভগ্নী সন্ধ্যা জৈনে উল্লেখ কৰিছে যে চিকিৎসক, নার্ছ, হাস্পতালৰ কর্মীসকলে যথেষ্ট চেষ্টা চলায়ো সুনীলৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলে৷

উল্লেখনীয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে৷

You might also like