জুলাইৰ শেষলৈ দিল্লীত ক’ভিডত আক্রান্ত হ’ব ৫.৫ লাখ
নিয়মীয়া বাৰ্তা, ১০জুনঃ দিল্লীৰ উপ–মুখ্যমন্ত্রী মনীষ শিশোডিয়াই আশংকা কৰিছে যে দেশৰ ৰাজধানী মহানগৰখনত আগন্তুক ১২–১৩ দিনলৈ ক’ৰোনাত সংক্রমিত লোকৰ সংখ্যা দুগুণ হৈ থাকিলে হাস্পতালসমূহত বিছনাৰ অভাৱ হ’ব৷ ইয়াৰ উপৰি আগন্তুক ৩১ জুলাই পর্যন্ত এনেদৰে সংক্রমণৰ গতি অব্যাহত থাকিলে ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা ৫.৫ লাখলৈ দিল্লীত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে৷
কিন্তু সেই সময়লৈ দিল্লীৰ হাস্পতালত গৰিষ্ঠসংখ্যক ৰোগীৰ বাবে নাথাকিব বিছনা৷ দিল্লীৰ চৰকাৰী হাস্পতালসমূহত জুলাইৰ অন্তিমভাগলৈ প্রয়োজন হ’ব নতুনকৈ ৮০ হাজাৰ বিছনা৷ এনে পৰিস্থিতিত মুখ্যমন্ত্রী কেজৰিৱালে দিল্লীৰ হাস্পতালত কেবল দিল্লীৰ বাসিন্দাৰ ক’ভিড ৰোগৰ চিকিৎসা কৰাৰ সিদ্ধান্ত লৈছিল যদিও তাক উপ–ৰাজ্যপাল অনিল বাইজালে অগ্রাহ্য কৰা বিষয়টোত আশ্চর্য প্রকাশ কৰিছে শিশোডিয়াই৷