নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুনত যাত্রীবাহী বাহনৰ বিক্রী ৩৮ শতাংশ হ্রাস

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ মহামাৰী ক’ভিড–১৯ সংকটৰ বাবে যান–বাহন খণ্ডত ব্যাপক ক্ষতি হৈছে৷ জুন মাহত বিগত বর্ষৰ তুলনাত এইবেলিও যান–বাহনৰ বিক্রী ৪২ শতাংশ হ্রাস পাইছে৷ ফেডাৰেচন অৱ অটোম’বাইলছ ডীলার্ছ এছ’চিয়েচনছে (এফএডিএ) প্রকাশ কৰা তথ্য মতে, বিগত বর্ষৰ জুন মাহৰ তুলনাত চলিত বর্ষৰ জুন মাহত যান–বাহনৰ বিক্রী অভাৱনীয়ভাৱে হ্রাস পাইছে৷ সংস্থাটোৱে প্রকাশ কৰা তথ্য মতে, যাত্রীবাহী বাহনৰ বিক্রী ৩৮.৩৪ শতাংশ হ্রাস পাইছে৷ এই মাহটোত দেশজুৰি ৯,৮৪,৩৯৫ ইউনিট বিক্রী হৈছে৷ তেনেদৰে দুচকীয়া বাহনৰ বিক্রীও ৪০.৯২ শতাংশ হ্রাস পাইছে৷ আনহাতে, বাণিজ্যিক বাহনৰ বিক্রী বিগত বর্ষৰ জুন মাহত ৬৪,৯৭৬ ইউনিটৰ বিপৰীতে চলিত বর্ষত মাত্র বিক্রী হৈছে ১০,৫০৯ ইউনিট অর্থাৎ এই বাহনৰ বিক্রী ৮৩.৮৩ শতাংশ নিম্নগামী হৈছে৷ তেনেদৰে তিনিচকীয়া বাহনৰ বিক্রী ৭৫.৪৩ শতাংশ নিম্নগামী হৈছে৷

You might also like