নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃৰ অনুৰোধতহে ৱাই প্লাছ নিৰাপত্তা কংগনাক

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধব থাকৰে আৰু শাসকীয় শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ সৈতে সংঘাতত লিপ্ত বলীউডৰ অভিনেত্রী কংগনা ৰানাৱটক ৱাই প্লাছ নিৰাপত্তা প্রদান কৰাক লৈ সৃষ্টি হোৱা বিতর্কত অৱশেষত মন্তব্য দিলে কেন্দ্রীয় ৰাজ্যিক গৃহমন্ত্রী জি কিষাণ ৰেড্ডীয়ে৷ শিৱসেনাৰ সৈতে সংঘাতত লিপ্ত হৈ ৯ ছেপ্টেম্বৰত উপস্থিত হোৱাৰ পণ লোৱা বলীউড অভিনেত্রী কংগনাক কেন্দ্রীয় চৰকাৰে ৱাই প্লাছ নিৰাপত্তা প্রদান কৰে৷ এই লৈ বিতর্কৰ সৃষ্টি হোৱাত কেন্দ্রীয় ৰাজ্যিক গৃহমন্ত্রী ৰেড্ডীয়ে অভিনেত্রীগৰাকীৰ পিতৃৰ অনুৰোধতহে ৱাই প্লাছ নিৰাপত্তা প্রদান কৰা বুলি স্পষ্ট কৰি দিয়ে৷

মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, অভিনেত্রীগৰাকীৰ পিতৃয়ে হিমাচল প্রদেশৰ মুখ্যমন্ত্রী জয়ৰাম ঠাকুৰক সাক্ষাৎ কৰি নিৰাপত্তাৰ বাবে আবেদন জনায় আৰু সেই আবেদনৰ ভিত্তিত হিমাচল চৰকাৰে কেন্দ্রীয় চৰকাৰক বিষয়টো অৱগত কৰাত অভিনেত্রীগৰাকীৰ জীৱনৰ প্রতি লক্ষ্য ৰাখি ৱাই প্লাছ নিৰাপত্তা প্রদান কৰা হৈছে৷ উল্লেখ্য যে অভিনেত্রীগৰাকীয়ে মুম্বাইত পাকিস্তান অধিকৃত কাশ্মীৰ বুলি মন্তব্য কৰাৰ পিছতে শিৱসেনাৰ সৈতে সংঘাত আৰম্ভ হয়৷

You might also like