নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ ব্যাপক চর্চাৰ অন্তত জৱাহৰ নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ প্রাক্তন সভাপতি তথা চি পি আই নেতা কানহাইয়া কুমাৰ আৰু ৰাষ্ট্রীয় দলিত অধিকাৰ মঞ্চৰ বিধায়ক জিগনেশ মেৱানি অহা ২৮ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে কংগ্রেছত যোগদান কৰিব৷
উল্লেখ্য যে কংগ্রেছৰ নেতা ৰাহুল গান্ধীৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি চলা প্রাক্তন ছাত্রনেতা কানহাইয়া কুমাৰে কংগ্রেছত যোগ দিব বুলি চর্চা হৈ আছিল যদিও সেয়া নিশ্চিত হোৱা নাছিল৷
অৱশেষত কানহাইয়া কুমাৰে কংগ্রেছত যোগ দিয়াটো নিশ্চিত হয়৷ এনেদৰে গুজৰাটৰ বাডগ্রাম বিধানসভা সমষ্টিৰ নির্দলীয় বিধায়ক জিগনেশ মেৱানিয়েও কংগ্রেছত যোগ দিয়াটো নিশ্চিত হৈছে৷ তাৎপর্যপূর্ণ যে দুয়োগৰাকী নেতাই কংগ্রেছ দলৰ বিৰুদ্ধে প্রায়ে সৰৱ হৈ আছিল৷ তেনেক্ষেত্রত কংগ্রেছত দুয়ো নেতাৰ যোগদান তাৎপর্যপূর্ণ৷