নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশী বিশ্বনাথ মন্দিৰ–জ্ঞানবাপী মছজিদ খননত অনুমতি আদালতৰ

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ প্রসিদ্ধ কাশী বিশ্বনাথ মন্দিৰ আৰু জ্ঞানবাপী মছজিদ খননৰ অনুমতি জনালে বাৰাণসীৰ এখন আদালতে৷ ভাৰতীয় পুৰাতাত্ত্বিক বিভাগক কাশী বিশ্বনাথ মন্দিৰ আৰু জ্ঞানবাপী মছজিদ খননত অনুমতি প্রদান কৰাৰ পাছতেই পুৰাতাত্ত্বিক বিভাগে শীঘ্রেই পাঁচজনীয়া কমিটী এখন গঠন কৰিব৷ এই কমিটীখনে মন্দিৰৰ চৌহদ পৰিদর্শন কৰি খননৰ ব্যৱস্থা ল’ব৷ উল্লেখ্য যে স্বয়ম্ভু জ্যোতিৰ লিংগ ভগৱান বিশ্বেশ্বৰৰ হৈ অধিবক্তা বিজয়শংকৰ ৰাষ্ট’গীয়ে ২০১৯ চনৰ ডিচেম্বৰত বাৰাণসীৰ দেৱানী আদালতত আবেদন জনাইছিল৷ এই আবেদনত অধিবক্তাগৰাকীয়ে সমগ্র জ্ঞানবাপী মছজিদ চৌহদ ভাৰতীয় পুৰাতাত্ত্বিক বিভাগৰ দ্বাৰা খননৰ অনুৰোধ জনাইছিল৷

এই আবেদনৰ বিৰোধত ২০২০ চনৰ জানুৱাৰীত অঞ্জুমান ইণ্টেজামিয়া মছজিদ কমিটীয়ে আদালতত আন এখন আবেদন জনায়৷ মন কৰিবলগীয়া যে আবেদনকাৰীয়ে উল্লেখ কৰা মতে, ২০৫০ বছৰ পূর্বে মহাৰাজা বিক্রমাদিত্যই কাশী বিশ্বনাথ মন্দিৰ নির্মাণ কৰিছিল৷ কিন্তু মোগল সম্রাট ঔৰংগজেবে ১৬৬৪ চনত মন্দিৰটো ধ্বংস কৰি মছজিদ নির্মাণ কৰিছিল৷ সেই মছজিদটোক জ্ঞানবাপী মছজিদ হিচাপে জনা যায়৷ মছজিদটো মন্দিৰৰ ভূমিৰ একাংশত আছে৷ আবেদনকাৰীয়ে এই যুক্তিৰে আদালতক মছজিদটো আঁতৰাই সেই ভূমি মন্দিৰ ন্যাসক দিবলৈ দাবী জনাইছে৷ এই আবেদনৰ শুনানি গ্রহণ কৰিয়ে বাৰাণসীৰ আদালতে মন্দিৰ আৰু মছজিদটো খননৰ অনুমতি দিয়ে পুৰাতাত্ত্বিক বিভাগক৷

You might also like