নিয়মীয়া বাৰ্তা ১৭ জুলাইঃ পাকিস্তানত কাৰাগাৰত বন্দী হৈ থকা ভাৰতীয় নৌসেনাৰ প্রাক্তন বিষয়া কুলভূষণ যাদৱক দ্বিতীয়বাৰৰ বাবে কনছুলাৰ একচেছৰ সুযোগ প্রদান কৰিছে ইছলামাবাদ প্রশাসনে৷ চোৰাংচোৱা বৃত্তিৰ লগতে পাক ভূমিত কূটাঘাতৰ পৰিকল্পনা চলোৱাৰ অভিযোগত গ্রেপ্তাৰ কৰি কুলভূষণক দোষী সাব্যস্ত কৰিছে দেশখনৰ আদালতে৷ আদালতে কুলভূষণৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰাৰ পাছতেই দুয়োখন প্রতিৱেশী দেশৰ মাজত বিষয়টোক কেন্দ্র কৰি চলি আছে তীব্র মতানৈক্য৷ উল্লেখনীয় যে এটা বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে কনছুলাৰ একচেছৰ সুযোগ দিয়া হৈছে কুলভূষণ যাদৱক৷ ইয়াৰ ফলত পিতৃ আৰু পত্নীয়ে কাৰাগাৰত বন্দী প্রাক্তন নৌসেনাৰ বিষয়াগৰাকীৰ সৈতে মিলিত হোৱাৰ সুযোগ লাভ কৰিব৷ যোৱা বছৰ ছেপ্টেম্বৰ মাহত প্রথমবাৰৰ বাবে কুলভূষণে পাকিস্তানৰ পৰা লাভ কৰিছিল কনছুলাৰ একচেছ৷ পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্তৰ কার্যালয়ৰ অভিযোগ অনুসৰি সঘনে কুলভূষণ যাদৱৰ ওপৰত কাৰাগাৰ কর্তৃপক্ষই তীব্র মানসিক আতিশয্য চলাই আহিছে৷