লাডাখত স্থাপন কৰা হ’ল প্রথমটো ভ্রাম্যমাণ ডিজিটেল চলচ্চিত্র প্রেক্ষাগৃহ
নিয়মীয়া বাৰ্তা ৩০ আগষ্টঃ বিশ্বৰ ভিতৰতে লাডাখৰ আটাইতকৈ ওখ স্থানত স্থাপন কৰা হৈছে প্রথমটো ছলমান ডিজিটেল চলচ্চিত্র প্রেক্ষাগৃহ৷ এই প্রেক্ষাগৃহটো স্থাপন কৰা হৈছে ১১,৫৬২ ফুট উচ্চতাত৷ অর্থাৎ বিশ্বৰ আটাইতকৈ উচ্চ চলচ্চিত্র প্রেক্ষাগৃহ হিচাপে চিহ্ণিত হৈছে লাডাখত নতুনকৈ স্থাপন কৰা প্রেক্ষাগৃহটো৷ লাডাখৰ লেহৰ পালডান অঞ্চলত স্থাপন কৰা এই প্রেক্ষাগৃহটো বিভিন্ন অঞ্চললৈ প্রেৰণ কৰা হ’ব৷
দুর্গম পার্বত্য অঞ্চলত চলেচ্চিত্র উপভোগৰ অভিজ্ঞতা লাভ কৰিব লাডাখবাসীয়ে৷ উল্লেখনীয় যে প্রথম ছবি প্রদর্শনীৰ সময়তে নেচনেল স্কুল অৱ ড্রামাৰ শিল্পী মেফাম ওটছালে সংবাদ সংস্থা এ এন আইক জনায় যে এই প্রেক্ষাগৃহটোৰ তৰফৰ পৰা সুলভ মূল্যত টিকট যোগান ধৰা হ’ব৷ ইয়াৰ উপৰি প্রেক্ষাগৃহটোত দর্শকসকলে লাভ কৰিব বিভিন্ন সুবিধা৷
লক্ষণীয়ভাৱে প্রেক্ষাগৃহটোত বহিব পৰা পর্যাপ্ত আসনৰ ব্যৱস্থা কৰা হৈছে৷ এই প্রেক্ষাগৃহটোৰ জৰিয়তে বিশ্বত শিল্প আৰু চলচ্চিত্রৰ এক নতুন বাট মুকলি হোৱা বুলিও উল্লেখ কৰে ওটছালে৷ উল্লেখনীয় যে লেহত এনেধৰণৰ চাৰিটা ভ্রাম্যমাণ প্রেক্ষাগৃহৰ ব্যৱস্থা কৰিব উদ্যোক্তাসকলে৷