নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখ সীমান্তৰ গালৱানত ২০০ ট্রাক চীনা সৈন্যৰ অৱস্থান

ছেটেলাইট ইমেজত ধৰা পৰিল বেইজিঙৰ ভয়ংকৰ অভিসন্ধি

নিয়মীয়া বাৰ্তা ১৮ জুনঃ লাডাখৰ গালৱান উপত্যকাত ভাৰত আৰু চীনা সৈন্যৰ মাজত অস্ত্রহীন ৰক্তাক্ত সংঘর্ষৰ পাছত এতিয়াও উত্তেজনাময় হৈ আছে লাইন অৱ একচুৱেল কণ্ড্র’ল (এল এ চি)৷ উভয় পক্ষৰ বর্ধিত সেনা সঞ্চালনে যিকোনো মুহূর্ততে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আগজাননী প্রেৰণ কৰিছে৷ ৰাজনৈতিক বা কূটনৈতিক পর্যায়ত দুয়োখন পৰমাণু অস্ত্রধৰ দেশৰ মাজত এইপর্যন্ত আলোচনাৰ বাবে কোনো সৌহার্যপূর্ণ পৰিৱেশ পৰিলক্ষিত নোহোৱাটো আন এক চিন্তনীয় বিষয়৷ ইয়াৰ বিপৰীতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পৰোক্ষভাৱে হ’লেও চীনক হুংকাৰ দি দেশবাসীক আশ্বস্ত কৰে যে লাডাখৰ আত্মবলিদান দিয়া বীৰ শ্বহীদ জোৱানৰ মৃত্যু অথলে যাবলৈ নিদিয়ে ভাৰতে৷ লাডাখৰ এই অগ্নি গর্ভ পৰিস্থিতিৰ মাজতে ভাৰতীয় গাঁওসমূহৰ পৰা আতংকিত গঞাই নিৰাপদ স্থানলৈ পলায়ন কৰিছে৷ সৰু–সুৰা সংঘাত আৰু আগ্রাসনেৰে সীমান্ত উত্তপ্ত কৰি আহিলেও চীনে অর্থনৈতিক আৰু বাণিজ্যিক কাৰণতে ভাৰতৰ বিৰুদ্ধে পূর্ণ পর্যায়ৰ যুদ্ধত অৱতীর্ণ নহয় বুলি সাধাৰণতে বিশ্বাস কৰা হয় যদিও সোমবাৰে নিশা লাডাখত ৰক্তাক্ত পৰিস্থিতিৰ পাছত এই ধাৰণাৰ বিশ্বাসযোগ্যত এতিয়া দুর্বল হৈ পৰিছে৷ ইয়াৰ মাজতে প্লেনেট লেব্ছৰ উপগ্রহ চিত্রৰ ভিত্তিত পিপলছ লিবাৰেচন আর্মীৰ (পি এল এ) ব্যাপক ফ্লেগ সঞ্চালনৰ তথ্য পোহৰলৈ আহিছে৷ গালৱান উপত্যকাত চীনা সৈন্যৰ বিশাল সমাৱেশ ধৰা পৰিছে ছেটেলাইট ইমেজত৷ দুশৰো অধিক চীনা সেনাৰ বাহন সংঘর্ষস্থলীৰ নাতিদূৰৈত সাজু কৰি ৰাখিছে পি এল এয়ে৷ ছেটেলাইট ইমেজত কেইবাটাও তম্বুও স্পষ্টভাৱে দেখা হৈছে৷ দীঘলীয়া সময়ৰ বাবে উক্ত স্থানত বাহৰ পতাৰ পৰিকল্পনাৰেই যে শেহতীয়া এই ফ্লেগ সঞ্চালন চীনে তীব্রতৰ কৰি তুলিছে তাত সন্দেহ নাই৷ এনে পৰিস্থিতিত যিকোনো মুহূর্ততে পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰলৈ যোৱাৰ আশংকা নুই কৰিব নোৱাৰি৷ কিয়নো সেনা বিষয়া পর্যায়ৰ আলোচনা এইপর্যন্ত ফলপ্রসূ নোহোৱাৰ বিপৰীতে এখনো দেশে পূর্বৰ স্থিতি ঘুৰাই আনিবলৈ ৰাজনৈতিক বা কূটনৈতিকভাৱে ইতিবাচক ভূমিকা লোৱা নাই৷ উল্লেখ্য যে দুয়ো পক্ষৰ সেনা বিষয়া পর্যায়ৰ আলোচনামর্মে ৬ জুনতে বুজাবুজিত উপনীত হৈছিল পশ্চাদকৰণৰ বাবে৷ কিন্তু ইয়াৰ পাছতো সোমবাৰে নিশা সংঘটিত হ’ল ৰক্তাক্ত সংঘর্ষ৷ চীনৰ এনে দুৰভিসন্ধিৰ তথ্য লাভ কৰি ভাৰতেও সীমান্তলৈ অতিৰিক্ত স্থল বাহিনী প্রেৰণ কৰিছে৷ ইতিমধ্যে সীমান্তৰ সমীপৰ ঘাটিলৈ অতিৰিক্ত যুঁজাৰু বিমান প্রেৰণ কৰা হৈছে৷ ইপিনে ভাৰত মহাসাগৰত নৌবাহিনীক অধিক সষ্টম হ’বলৈ পৰামর্শ দিয়া হৈছে৷ কাৰণ উক্ত অঞ্চলত শেহতীয়াকৈ চীনা নৌবাহিনীৰ যুদ্ধ জাহাজৰ চলাচল বৃদ্ধি পাইছে৷ চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটে তিনিওটা প্রতিৰক্ষা সেৱাৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙৰ সৈতে অনুষ্ঠিত বৈঠকত কেতবোৰ গুৰুত্বপূর্ণ সিদ্ধান্ত লয়৷ সেইমর্মে যুদ্ধকালীন পৰিস্থিতিৰ বাবে প্রয়োজনীয় সকলো অস্ত্র–শস্ত্র আৰু আন সামগ্রী আহৰণৰ বাবে সেনাক সম্পূর্ণ স্বতন্ত্রতা প্রদান কৰা হৈছে৷ কেৱল লাডাখতেই নহয়, ৩,৫০০ কিলোমিটাৰ দৈর্ঘ্যৰ এল এ চিৰ সকলো গুৰুত্বপূর্ণ আৰু স্পর্শকাতৰ অঞ্চললৈ অতিৰিক্ত সেনা প্রেৰণ কৰা হৈছে৷ অৰুণাচল প্রদেশ, উত্তৰাখণ্ড আৰু হিমাচল প্রদেশতো স্থলসেনা বাহিনীৰ সঞ্চালন হঠাৎ বৃদ্ধি পাইছে৷ সামগ্রিকভাৱে যিকোনো পৰিস্থিতিৰ বাবে ভাৰতীয় প্রতিৰক্ষা বাহিনীক এই মুহূর্তত সষ্টম কৰি তোলা হৈছে৷ ইপিনে প্লেনেট লেবছৰ ছেটেলাইট ইমেজত লাডাখৰ সীমান্তলৈ চীনে অধিক সেনা প্রেৰণৰ দৃশ্য ধৰা পৰিছে৷ সোমবাৰে নিশা পূর্বপৰিকল্পিতভাৱে যে ভাৰতীয় সেনাৰ দলটোক আক্রমণ কৰা হৈছিল, তাৰো স্পষ্ট প্রমাণ পোৱা গৈছে ছেটেলাইট ইমেজত৷ উপগ্রহ চিত্রসমূহ দেখা গৈছে– পদাতিক সেনাক আগবঢ়াই দিলেও অস্ত্র–শস্ত্রৰে সজ্জিত চীনা সৈন্যই কেইবাখনো আর্মাড ট্রাকসহ নাতিদূৰৈত অপেক্ষা কৰি আছিল৷ চীনে যুদ্ধৰ বাবে ভাৰতীয় সেনাক প্রৰোচিত কৰিছিল নেকি, তাক লৈও এই ছেটেলাইট ছবিসমূহ প্রকাশ পোৱাৰ পাছত তুমুল চর্চা হৈছে৷
ভাৰত–চীনৰ মেজৰ জেনেৰেল পর্যায়ৰ বিষয়াৰ বৈঠকত নহ’ল সিদ্ধান্ত
লাডাখৰ গালৱানৰ পৰিস্থিতিক লৈ বুধবাৰে ভাৰত আৰু চীনৰ মেজৰ জেনেৰেল পর্যায়ৰ বৈঠক এখন অনুষ্ঠিত হয়৷ এই বৈঠকত দুয়ো দেশৰ মাজত গালৱান সংঘর্ষৰ বাবে হোৱা বিবাদ নিষ্পত্তিৰ বাবে পর্যালোচনা চলে যদিও কার্যতঃ মীমাংসাহীনভাৱে বৈঠকখনৰ সামৰণি পৰে৷ অঞ্চলটোৰ গ্রাউণ্ড জিৰ’ স্থিতি শীঘ্রেই সলনি কৰাৰ কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে মেজৰ জেনেৰেল পর্যায়ৰ বৈঠকখনত৷ কাইলৈ এই সন্দর্ভত পুনৰ বৈঠক অনুষ্ঠিত কৰা হ’ব বুলি সেনাৰ সূত্রত প্রকাশ পাইছে৷

You might also like