নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখৰ গলৱান উপত্যকাত এটা তম্বুৰ বাবে হৈছিল সংঘর্ষৰ সূচনা

নিয়মীয়া বাৰ্তা ১৮ জুনঃ  লাডাখৰ গালৱান নদীৰ কাষত চীনা সৈন্যই স্থাপন কৰা এটা তম্বুক কেন্দ্র কৰিয়ে সোমবাৰে নিশা ভাৰত আৰু চীনা সৈন্যৰ মাজত সংঘর্ষৰ সৃষ্টি হৈছিল৷ এলএচিত চলি থকা উত্তপ্ত পৰিস্থিতিৰ মাজতে যোৱা ৬ জুনত লেফটেনেণ্ট জেনেৰেল পর্যায়ৰ বৈঠকত গ্রহণ কৰা সিদ্ধান্ত মর্মে চীনা সৈন্যই উক্ত তম্বু আঁতৰাই নিয়াৰ বাবে সন্মতি প্রকাশ কৰিছিল৷ কিন্তু ইয়াৰ পিছতো তম্বু আঁতৰাই নিনিয়াত ভাৰতীয় সৈন্যৰ অস্ত্রহীন দল এটা উক্ত স্থানত উপস্থিত হয়৷ সমুদ্রপৃষ্ঠৰ পৰা ১৫০০ ফুট উচ্চতাত হাড় কঁপোৱা জাৰত ভাৰতীয় সৈন্যৰ মুখামুখি হয় পূর্বৰে পৰা সাজু হৈ থকা চীনা সৈন্য৷ প্রকাশিত বাতৰি মতে ড্র’নৰ সহায়েৰে ভাৰতীয় সৈন্যৰ উপস্থিতিৰ বিষয়ে চীনা সৈন্য অৱগত হৈছিল৷ তম্বু আঁতৰোৱাৰ বাবে ভাৰতীয় সেনা জোৱান আগবাঢ়ি যাওঁতেই দুয়োপক্ষৰ মাজত আৰম্ভ হয় সংঘর্ষ৷ কর্নেল বি এল সন্তোষ বাবুক শিল আৰু চোকা অস্ত্রৰে আক্রমণ কৰাৰ পিছতে সংঘর্ষই ভয়ংকৰ ৰূপ লয়৷ ৰড, গজাল মৰা লাঠী আদিৰে পৰস্পৰক আক্রমণ আৰম্ভ কৰাৰ লগতে মুষ্টিযুদ্ধই ভয়ংকৰ ৰূপ লয়৷ দুয়োপক্ষই অতিৰিক্ত সৈন্য মাতি আনিলেও চীনা সৈন্যৰ উপস্থিতি আছিল সৰহ৷ সংঘর্ষস্থলীতে কর্নেল সন্তোষ বাবু আৰু আন দুজন জোৱানৰ মৃত্যু হোৱাৰ তথ্য মঙলবাৰে পুৱাই ভাৰতীয় সেনাই নিশ্চিত কৰাৰ পিছত নিশা প্রকাশ কৰে যে গুৰুতৰভাৱে আহত আন ১৭জন জোৱানো ছাব–জিৰ’ তাপমাত্রাৰ বাবে মৃত্যুক আঁকোৱালি লৈছে৷ ইয়াৰ বিপৰীতে চীনে চৰকাৰীভাৱে হতাহতৰ তথ্য প্রকাশ কৰা নাই৷ কিন্তু চীনা সৈনাৰ ৱায়াৰলেছ বার্তাৰ ইণ্টাৰচেপ্টৰ ভিত্তিত তেওঁলোকৰ ৪৩জন জোৱান হতাহত হোৱা বুলি দাবী কৰা হৈছে৷ শেহতীয়া তথ্য মতে হতাহতিৰ মাজতে গালৱান নদীত উচ্চতাৰপৰাৰ পৰি যোৱাৰ ফলতে ১৭জন ভাৰতীয় সেনা জোৱানৰ মৃত্যু হয়৷ সেনা সূত্রৰ উদ্ধৃতি দি সংবাদ প্রতিষ্ঠানে প্রকাশ কৰা মতে তেওঁলোকৰ বেছি ভাগৰে পানীত ডুবি মৃত্যু হোৱা বুলি মৰণোত্তৰ পৰীক্ষাত প্রকাশ পাইছে৷ ইফালে, এই সংঘর্ষ চীনা সৈন্যৰ পূর্ব পৰিকল্পিত আছিল বুলি প্লেনেট বেছৰ উপগ্রহ চিত্রই নিশ্চিত কৰিছে৷ সমুখলৈ অস্ত্রবিহীন পদাতিক সৈন্যক আগুৱাই দি কেইবাখনো আর্মার্ড বাহনসহ মাৰণাস্ত্রৰে সুসজ্জিত চীনা সৈন্যই কিছু নিলগত অৱস্থান কৰিছিল৷ তদুপৰি ৬ জুনত লেফটেনেণ্ট জেনেৰেল পর্যায়ৰ বৈঠকত পাৰস্পৰিক বুজাবুজিৰ পিছতো চীনে বিতর্কিত তুম্বটো আঁতৰাই নিয়াৰ পৰা বিৰত থকাৰ আঁৰত ষড়যন্ত্র নিহিত থকাটো স্পষ্ট হৈছে৷ অৱশ্যে বুধবাৰে চীনা সৈন্যই তম্বুটো আঁতৰোৱাৰ কাম কৰি থকা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে দুয়োপক্ষৰ সৈন্যক নির্দিষ্ট দূৰত্বত পৃথকভাৱে উক্ত অঞ্চলটোৰ পৰা তম্বুটো আঁতৰোৱাত ভাৰতে জোৰ দি আহিছিল৷ উক্ত অঞ্চলত এতিয়াও ভাৰতীয় সৈন্যই শক্তিশালী ৰূপত অৱস্থান কৰি আছে৷ অস্ত্র–শস্ত্রৰে সজ্জিত হ’লেও ভাৰতীয় জোৱানক গুলীবর্ষণ নকৰিবলৈ নির্দেশ দিয়া হৈছে৷ লক্ষণীয় যে ১৯৯৬ চনৰ চুক্তি অনুসৰি এল এ চিত পাৰস্পৰিক আস্থা বৃদ্ধিৰ লক্ষ্যৰে উভয় পক্ষৰ সেনাই মাৰণাস্ত্র লগত নাৰাখে৷

You might also like