আতংকিত সকলো, বাজি উঠিব নেকি এখন পূর্ণাংগ যুদ্ধৰ দামামা?
জনশূন্য লাডাখঃ গালৱানৰ গাঁৱৰ পৰা জাক জাক গঞাৰ পলায়ন
নিয়মীয়া বাৰ্তা ১৮ জুনঃ এখন পূর্ণাংগ যুদ্ধৰ আশংকাত দিন গণিছে লাডাখবাসীয়ে৷ সীমান্তৱৰ্তী গাঁও এৰি পলায়ন কৰিছে গঞাই৷ সোমবাৰৰ ৰক্তক্ষয়ী সংঘর্ষৰ পাছত লাডাখজুৰি এতিয়া অঘোষিত সান্ধ্য আইন৷ বিশেষকৈ পূব আৰু উত্তৰ–পূব লাডাখৰ ৰাজপথত এতিয়া একমাত্র সেনাৰ কনভয়৷ মাজে মাজে আকাশত প্রচণ্ড শব্দৰে যুঁজাৰু বিমানৰ আহ–যাহ৷ এই প্রতিবেদকৰ শেহতীয়া লাডাখ ভ্রমণৰ কালছোৱাত লেহত যিমান লোকৰ সৈতে চিনাকি হৈছিল, তাৰ অধিকাংশই এতিয়া সীমান্তৱৰ্তী গাঁৱৰ পৰা প্রয়োজনীয় নথিপত্র তথা মূল্যৱান কিছু সামগ্রী কঢ়িয়াই আনিবলৈ কোনোবাই কালি আবেলিই যাত্রা কৰিছে আৰু কোনোবাই আজি পুৱাৰ ভাগত৷ সকলোৰে আশংকা ভাৰত–চীন যুদ্ধ সমাগত৷ ডল্লেখ্য যে যোৱা মে’ মাহৰ শেষভাগৰ পৰাই পূব লাডাখৰ বিশেষকৈ পেংগং হূদৰ পার্শ্বৱত্ গাঁওসমূহৰ পৰা আবাল–বৃদ্ধ–বনিতাই পলাবলৈ আৰম্ভ কৰিছিল৷ লক্ষণীয়ভাৱে লাডাখৰ লেহ জিলাৰ পূব ভাগতেই আছে জনবসতি এলেকা৷ ডত্তৰ–পূব লাডাখত জনবসতি নাই বুলিয়ে ক’ব পাৰি আৰু গালৱান ডপত্যকা, য’ত সোমবাৰে নিশা সন্মুুখ সমৰত লিপ্ত হৈছিল ভাৰত আৰু চীনৰ সৈন্যই, সেই এলেকাটো ইমানে দুর্গম যে এটা ঘৰো নাই৷ ইপিনে পেংগং হূদৰ ডত্তৰে–দক্ষিণে থকা গাঁওসমূহ হৈছে সবাতোকৈ সংবেদনশীল গাঁও৷ এনে এখন গাঁও হৈছে চুছুল, য’ত ভাৰত আৰু চীনৰ সেনাবাহিনীৰ মাজত সততে ফ্লেগ মিটিং হয়৷ যোৱা ৬ জুনৰ গুৰুত্বপূর্ণ বৈঠকখনো চুছুলতেই হৈছিল৷ সেই গাঁৱৰ বাসিন্দা নাৱাঙে জুন মাহৰ আৰম্ভণিতেই তললৈ নামি আহিছিল৷ লাডাখ ভ্রমণৰ কালছোৱাত লেহত এই প্রতিবেদকে লগ পাইছিল নাৱাঙক৷ তেতিয়া কেৱল সোঁশৰীৰে লেহলৈ নামি আহিছিল নাৱাং৷ এতিয়া সেই নাৱাং আজি পুৱাৰ ভাগত আকৌ নিজৰ গাঁও চুছুলৈ ডভতি গৈছে৷ পিছে থকাৰ বাবে নহয়, মূল্যৱান নথি–পত্র তথা সামগ্রীসমূহ সংগ্রহ কৰি তললৈ আকৌ নামি আহিব নাৱাং৷ সীমান্তৰ আন এখন গাঁও হৈছে ফ’বৰাং৷ ফ’বৰাঙৰ বাসিন্দা চেং থাঙৰো সেই একেই অৱস্থা৷ কিছু দিন আগতেই গাঁৱৰ পৰা পৰিয়ালৰ সকলোকে লৈ নামি আহিছিল চেং৷ এতিয়া কালি আবেলি আকৌ গৈছে ফ’বৰাঙলৈ৷ প্রয়োজনীয় তথা গুৰুত্বপূর্ণ সা–সামগ্রী লৈ লেহলৈ নামি আহিব চেঙেও৷ সকলোৰে এটাই ভয়– যিকোনো মুহূর্তত চীনে ভাৰত আক্রমণ কৰিব পাৰে৷ আৰু এই আক্রমণ যে এইবাৰ লাডাখ সীমান্তৰেই হ’ব সেয়াও বিগত কেইটামান দিনত ডপলব্ধি কৰিব পাৰিছে চেঙে৷ লেহৰ তাকছি গাঁৱৰ বাসিন্দা প্রাক্তন সেনা বিষয়া ছেৰিং দোর্জে৷ তাকছি গাঁও পিছে সীমান্তৱত্ কোনো গাঁও নহয়৷ লেহ চহৰৰ সমীপত থকা ঠাই এডোখৰ৷ টেলিফোনত ছেৰিঙেই জনালে এই প্রতিবেদকক নাৱাং আৰু চেঙৰ কথা৷ এই প্রতিবেদকৰ অনুৰোধমর্মে আজি লেহৰ সামৰিক হাস্পতাললৈ গৈছিল প্রাক্তন সেনা বিষয়া ছেৰিঙে৷ গালৱান সংঘর্ষত আহত জোৱানসকলৰ অৱস্থাৰ বুজ ল’বলৈ অনুৰোধ জনোৱা হৈছিল ছেৰিঙক৷ পিছে লেহত যেন এই মুহূর্তত সান্ধ্য আইন আৰোপ কৰা হৈছে৷ জনশূন্য ৰাজপথ সন্ধান নাই পশু–পক্ষীৰো৷ অথচ সেনা বা প্রশাসনৰ পৰা কোনো নির্দেশাৱলী অথবা প্রতিবন্ধকতাও আৰোপ কৰা হোৱা নাই৷ কেৱল মাজে মাজে সেনাৰ কনভয় দেখা পালে ছেৰিঙে৷ ছেৰিং লাডাখৰ আদি বাসিন্দা৷ কেইবাদশক ধৰি লেহৰ তাকছিত বাস কৰি আছে৷ কিন্তু আজিৰ নিচিনা লেহ তেওঁ কেতিয়াও দেখা নাই৷ যুদ্ধৰ আশংকাত লাডাখবাসী এতিয়া সম্পূর্ণ গৃহবন্দী৷ টেলিফোনত ক’লে ছেৰিঙে৷ নিস্তব্ধতাই সম্পূর্ণৰূপে আৱৰি ধৰিছে লাডাখক৷ আতংকিত সকলো– বাজি উঠিব নেকি এখন পূর্ণাংগ যুদ্ধৰ দামামা যেন ১৯৬২ চনৰ কাউণ্ট ডাউন!