নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলৰ দক্ষিণ মেৰুত বিশাল হ্রদ আৱিষ্কাৰ

নিয়মীয়া বাৰ্তা ২৬ জুনঃ ৰঙা গ্রহ মঙলৰ গর্ভত বিশাল বিশাল বহু হ্রদৰ উপস্থিতি নিশ্চিত কৰিছে আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই৷ নাছাই ইংগিত দিয়া অনুসৰি গ্রহটোৰ দক্ষিণ মেৰুত বিশাল অংশজুৰি ভূগর্ভত থকা এই হ্রদসমূহত এতিয়াও তৰল পদার্থ আছে৷ এই তৰল পদার্থ পানী হোৱাৰ সম্ভাৱনাই বেছি বুলি নাছাৰ বিজ্ঞানীসকলে উল্লেখ কৰিছে৷ মহাকাশ গৱেষণা সংস্থাটোৰ তথ্য অনুসৰি মঙলৰ দক্ষিণ মেৰুত তাপমাত্রা ইমানেই কম যে বিশাল হ্রদবোৰত তৰল পানী গোট মাৰি বৰফ হৈ পৰিছে৷ কিন্তু সেই বৰফ শুকান কার্বন–ডাই অক্সাইডত পৰিণত হৈছে নে নাই, সেই কথা এতিয়াও নিশ্চিত কৰিব পৰা নাই নাছাৰ বিজ্ঞানীসকলে৷

কিন্তু মঙলৰ হ্রদবোৰৰ তলত যদি আগ্ণেয়গিৰি আছে, তেন্তে এই পানী তৰল অৱস্থাত থকাৰ সম্ভাৱনা আছে বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে৷ শেহতীয়াকৈ নাছাৰ এই গৱেষণাৰ তথ্য সবিস্তাৰে প্রকাশ পাইছে আন্তর্জাতিক বিজ্ঞান গৱেষণা পত্রিকা ‘জি’ ফিজিকেল লেটার্ছ’ত৷ গৱেষকসকলে জনোৱা অনুসৰি ইউৰোপীয় মহাকাশ গৱেষণা সংস্থা এছাৰ মঙল যান মার্চ এক্সপ্রেছ অর্বিটাৰে পঠিয়াইছে দক্ষিণ মেৰুৰ এই হ্রদবোৰৰ ৰেডি’ ছিগনেল৷ এই ছিগনেল অনুসৰি হ্রদবোৰত এতিয়াও জলস্রোত অব্যাহত আছে৷ গতিকে, মঙলৰ এই হ্রদবোৰত প্রাণীৰ উপস্থিতি থকাৰ সম্ভাৱনাও আছে বুলি নাছাৰ বিজ্ঞানীসকলে উল্লেখ কৰিছে৷ নাছাৰ অন্যতম গৱেষক জেফ্রি প্লটে উল্লেখ কৰা অনুসৰি মঙলৰ দক্ষিণ মেৰুত হ্রদবোৰত সম্পূর্ণৰূপে পানী ভর্তি হৈ থাকিব পাৰে নাইবা অন্য তৰল পদার্থও থাকিব পাৰে৷ কিন্তু বিজ্ঞানীসকলৰ ধাৰণা অনুসৰি হ্রদবোৰত পানীৰ উপস্থিতি থকাৰ সম্ভাৱনাই অধিক৷

You might also like