মঙলপৃষ্ঠত লেজাৰেৰে বাণীবদ্ধ কৰা অডিঅ’ মুকলি নাছাৰ
নিয়মীয়া বাৰ্তা, ১২ মার্চঃ ৰঙাগ্রহ মঙলৰ জেজেৰ’ গহ্বৰ অঞ্চলত মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ ৰ’ভাৰ পাৰছেভাৰেনছে গ্রহণ কৰা লেজাৰ বাণীবদ্ধ অডিঅ’ আজি মুকলি কৰি দিছে গৱেষণা সংস্থাটোৱে৷
এক অডিঅ’ ক্লিপ আজি নাছাই ইয়াৰ ছাউণ্ডক্লাউড পেজত পোষ্ট কৰিছে৷ উল্লেখনীয় যে পাৰছেভাৰেনছ ৰ’ভাৰত সংলগ্ণ হৈ থকা উচ্চ শক্তিসম্পন্ন কেমেৰাত থকা মাইক্র’ফোনে এই শব্দ ৰেকর্ড কৰিছে ৰঙাগ্রহটোত৷
লক্ষণীয়ভাৱে পাৰছেভাৰেনছ ৰ’ভাৰে মঙলপৃষ্ঠ স্পর্শ কৰাৰ পিছৰে পৰা ৰ’ভাৰটোৱে প্রতিদিনে গ্রহটো সন্দর্ভত ন ন তথ্য প্রেৰণ কৰি আছে৷ মঙলত জীৱৰ অস্তিত্ব আছিল নে নাই সেই সন্দর্ভতো এই ৰ’ভাৰটোৱে অনুসন্ধান চলাব৷ ৰ’ভাৰটোৱে প্রেৰণ কৰা ছবি আৰু ইয়াৰ বিভিন্ন শব্দই উৎসুক কৰি তুলিছে জ্যোতির্বিজ্ঞানীসকলক্৷