নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ বিগত ৫ বছৰ ধৰি জীৱনসংগী বিচাৰি আছিল উত্তৰপ্রদেশৰ মুজাফফৰনগৰৰ আজিম মানছুৰিয়ে৷ কিন্তু ৩০ ইঞ্চি উচ্চতাৰ বামন মানছুৰিয়ে কেৱল হতাশাতহে ভুগিবলগীয়া হৈছিল৷ আনকি উত্তৰপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী অখিলেশ যাদৱকো জীৱনসংগী বিচাৰি দিবলৈ অনুৰোধ জনাইছিল মানছুৰিয়ে৷ মুজাপফফৰনগৰৰ খাইৰানাৰ মানছুৰিৰ দীর্ঘদিনীয়া প্রতীক্ষাৰ অন্ত পৰিছে৷ এটা নহয়, দুটাকৈ প্রস্তাৱ আহিছে মানছুৰিলৈ৷ ১২ মার্চত আৰক্ষীৰ ওচৰত কইনা বিচাৰি সহায় ভিক্ষাও কৰিছিল মানছুৰিয়ে৷
শেহতীয়াকৈ ৰেহেনা আনছাৰি নামৰ গাজিয়াবাদৰ ২৫ বছৰীয়া যুৱতী এজনীৰ প্রস্তাৱ আহিছে মানছুৰিলৈ৷ উচ্চতা দুয়োৰে একেই৷ তৃতীয় শ্রেণীলৈ পঢ়িছিল ৰেহেনাই৷ মানছুৰিৰ পৰিয়ালে ৰেহেনাক পছন্দ কৰিব বুলি আশা কৰা হৈছে৷ একে সময়তে দিল্লীৰ এগৰাকী যুৱতীৰ পৰাও মানছুৰিলৈ প্রস্তাৱ আহিছে৷ অর্থাৎ এইবাৰ মানছুৰিয়ে বিচাৰি পাইছে জীৱনসংগী৷