গুজৰাটত লায়ন শ্ব’, গৰু ৰাখি আকৰ্ষিত কৰে বনৰ সিংহক আৰু উঠে ছেলফি…
নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ ছেলফিৰ কাহিনী অপাৰ। কোনো লোমহৰ্ষক পশ্চাদপদ থাকিব লাগিব ছেলফিত। এনে ছেলফিৰ বাবে প্ৰাণো হেৰুৱাইছে বহুতে। কিন্তু গুজৰাটত সিংহৰ লগত ছেলফি উঠা এটা ঘটনাই চকু কপালত তুলিছে সকলোৰে।
চিৰিয়াখানা বা কোনো পিঞ্জৰাত আবদ্ধ হৈ থকা বাঘৰ লগত নহয়, অভয়াৰণ্যত বিচৰণ কৰি থকা বাঘৰ লগত উঠা হৈছে এই ছেলফি। জানিব পৰা মতে, গুজৰাটৰ জুনাগড় জিলাৰ গিৰ অভয়াৰণ্যৰ সীমান্তৱৰ্তী গাঁও ঘাটবডত কিছুসংখ্যক লোকে মুকলি ঠাইত গৰু বান্ধি থৈ সিংহ অহালৈ অপেক্ষা কৰে।
খাদ্যৰ সন্ধানৰত সিংহ আহি গৰু চিকাৰ কৰা দৃশ্য বন্দী কৰে ভিডিঅ’ত আৰু লগতে উঠে ছেলফি। অঞ্চলটোত এনেদৰে বহুদিন ধৰি চলি আহিছিল লায়ন শ্ব’। সিংহ আৰু জীৱনৰ লগত কৰা এই ধেমালিৰ কথা জানিব পাৰি বন বিভাগে ইতিমধ্যে ৫গৰাকী লোকক আটক কৰাৰ পিছত পোহৰলৈ আহে এই ঘটনা।