নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪০ দিনে সুৰা নাইঃ লাইন পাতিবলৈ শক্তি নোহোৱা স্বামীলৈ সুৰা কিনিলে মৰমৰ পত্নীয়ে..

নিয়মীয়া বাৰ্তা ৫ মেঃ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লকডাউনত সমগ্ৰ দেশতে সুৰাৰ বিক্ৰীত নিষেধাজ্ঞা আছিল । অৱশ্যে তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ পাছতে দেশজুৰি পুনৰ সোমবাৰৰ পৰা সুৰা বিক্ৰী আৰম্ভ হৈছে ।

যাৰ পৰিপ্ৰেক্ষিতত সুৰাৰ দোকানসমূহত দেখিবলৈ পোৱা গৈছে সুৰাপায়ীৰ দীঘলীয়া শাৰী। ইয়াৰ মাজতে বাৰাণসীত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ।

ঘটনা অনুসৰি, বাৰাণসীত লকডাউনত সুৰা নাপাই শক্তিহীন হৈ যোৱা এজন লোকৰ বাবে সুৰা কিনিলে তেওঁৰ পত্নীয়ে । সোমবাৰে ৪০ দিনৰ পিছত সুৰাৰ দোকান খোলাৰ লগে লগে সুৰাৰ দোকানৰ পৰা পত্নীয়ে স্বামীৰ বাবে সুৰা কিনে। সুৰাৰ বিপণীৰ সন্মুখত শাৰী পাতি থকা লোকসকলে মহিলাগৰাকীক সোধাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ।

অৱশ্যে এই ঘটনাই সুৰাৰ বিপণীৰ সন্মুখত শাৰী পাতি থকা লোকৰ মাজত ব্যাপক আমোদ সৃষ্টি কৰালে ।

You might also like