নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’আইচিত কাশ্মীৰ সন্দর্ভত বৈঠক দাবী পাকিস্তানৰ

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত বাৰে বাৰে কাশ্মীৰ প্রসংগক লৈ আলোচনা হ’ব লাগে বুলি দাবী কৰা পাকিস্তানে এইবাৰ বিষয়টো সন্দর্ভত ইছলামিক সহযোগিতা সংস্থা (অ’ আই চি)ত আলোচনাৰ দাবী উত্থাপন কৰিছে৷ ছৌদি আৰব নেতৃত্বাধীন অ’ আই চিত কাশ্মীৰ প্রসংগত আলোচনা হ’ব লাগে বুলি দাবী কৰিছে দেশখনৰ বিদেশ মন্ত্রী মেহমুদ কুৰেশ্বীয়ে৷ এক স্থানীয় টিভি নিউজ চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত কুৰেশ্বীয়ে কৈছে যে অ’ আই চিয়ে শীঘ্রে কাশ্মীৰ সন্দর্ভত বিদেশ মন্ত্রীসকলৰ বৈঠক অনুষ্ঠিত কৰা উচিত৷ যদি এইক্ষেত্রত অ’ আই চি নীৰৱ হৈ থাকে, তেন্তে পাক প্রধানমন্ত্রী ইমৰান খানে দীর্ঘদিন ধৰি অৱদমিত হৈ থকা কাশ্মীৰীসকলৰ সমর্থনত অন্য ইছলামিক ৰাষ্ট্রসমূহক ঐক্যবদ্ধ কৰিব বুলিও ইংগিত দিয়ে কুৰেশ্বীয়ে৷

You might also like