২৫ ছেপ্টেম্বৰৰ পৰা পুনৰ লকডাউন… ভুৱা খবৰক লৈ উৎকণ্ঠিত দেশৰ নাগৰিক
নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ এটা খবৰে তোলপাৰে লগালে ভাৰত। ২৫ ছেপ্টেম্বৰৰ পৰা পুনৰ লকডাউন দিয়াক লৈ ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ কৰা হ’ল এটা খবৰ। ছ’চিয়েল মিডিয়াত ব্যাপক ভাইৰেল হোৱা এই খবৰ অনুসৰি ভাৰতৰ দুৰ্যোগ প্ৰশমন বিভাগ আৰু পৰিকল্পনা কমিছনে প্ৰধানমন্ত্ৰী কাৰ্যালয়ক ৪৫ দিন দেশত কঠোৰ লকডাউন বলৱত্ কৰিবলৈ আহ্বান জনাইছে।
Claim: An order purportedly issued by National Disaster Management Authority claims that it has directed the government to re-impose a nationwide #Lockdown from 25th September. #PIBFactCheck: This order is #Fake. @ndmaindia has not issued any such order to re-impose lockdown. pic.twitter.com/J72eeA62zl
— PIB Fact Check (@PIBFactCheck) September 12, 2020
গতিকে ২৫ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশতে ৪৫ দিনৰ বাবে বলৱত্ কৰা হ’ব পাৰে লকডাউন। এই খবৰত লৈ ব্যাপক উৎকণ্ঠা আৰম্ভ হয় দেশৰ নাগৰিকৰ মাজত। পিছত অৱশ্যে প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৰ ফেক্ট চেকৰ তৰফৰ পৰা এই খবৰ ভুৱা বুলি জনোৱা হয়। টুইটযোগে প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৱে দুৰ্যোগ প্ৰশমন বিভাগ আৰু পৰিকল্পনা কমিছনে এই পৰ্যন্ত এনেধৰণৰ কোনো নিৰ্দেশনা দিয়া নাই বুলি জনায়।
পি আই বিয়ে লগতে কয় যে ইচ্ছাকৃতভাৱে জনতাৰ মনত ভয় সৃষ্টি কৰিবলৈ কোনো দুষ্ট চক্ৰই এনেধৰণৰ খবৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এনেধৰণৰ উৰাবাতৰিৰ পৰা নাগৰিকক আঁতৰি থাকিবলৈ আহ্বানো জনাই প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৱে।