নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রাজিলত ক’ভিডত প্রাণ হেৰুওৱা তিনি লক্ষাধিক লোক ‘গণহত্যাৰহে বলি’

ৰাষ্ট্রপতি ব’লছ’নাৰোৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ লুলাৰ

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ ক’ভিড–১৯ মহামাৰীত ব্রাজিলত তিনি লক্ষাধিক লোকে প্রাণ হেৰুৱাইছে৷  শেহতীয়াকৈ ব্রাজিলত এই ক’ভিডৰ সংহাৰক লৈ প্রাক্তন ৰাষ্ট্রপতি লুলা ডা ছিলভাই তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷

জার্মানীৰ সাপ্তাহিক সংবাদ পত্র ‘ডাৰ স্পিজেল’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত লুলাই উল্লেখ কৰিছে যে ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকসকলৰ মৃত্যুক সাধাৰণ বুলি ধৰি ল’ব নোৱাৰি৷ ব্রাজিলৰ ইতিহাসত এয়া বৃহত্তম গণহত্যা বুলিও উল্লেখ কৰে লুলাই৷

মহামাৰী সন্দর্ভত ব্রাজিলৰ বর্তমানৰ ৰাষ্ট্রপতি জাইৰ ব’লছ’নাৰোৱে দেশবাসীক মিছা কথা কৈছিল বুলিও অভিযোগ কৰিছে লুইজ ইনাচি’ লুলা ডা ছিলভাই৷ লেটিন আমেৰিকাৰ দেশখনৰ ইতিহাসত ক’ৰোনা ভাইৰাছ মহামাৰীত প্রাণ হেৰুওৱা লোকসকল ৰাষ্ট্রপতি ব’লছ’নাৰোৰ গণহত্যাৰ বলি বুলিহে অভিহিত কৰিছে লুলাই৷

প্রাক্তন বাঁওপন্থী ৰাষ্ট্রপতিগৰাকীৰ মতে মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত জাইৰ ব’লছ’নাৰোৱে কোনোধৰণৰ গুৰুত্ব প্রদান নকৰিলে৷ আনকি আজিৰ মুহূর্তলৈকে ব’লছ’নাৰোৱে আঁকোৰগোজ মনোভাব লৈ আছে মহামাৰী সন্দর্ভত৷

গতিকে প্রতিদিনে ক’ভিড–১৯ত প্রাণ হেৰুৱাবলগীয়া হৈছে সাধাৰণ লোকসকলে৷ লক্ষণীয়ভাৱে কিছুদিন পূর্বে দুর্নীতিৰ গোচৰৰ পৰা মুক্ত হোৱা লুলাৰ এই মন্তব্যৰ পাছতে দেশজুৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷

You might also like