প্ৰেম আৰু যুদ্ধত সকলো সম্ভৱ! গুগল মেপ চাই পাকিস্তান পালেগৈ মহাৰাষ্ট্ৰৰ যুৱক
নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ প্ৰেমৰ বাবেই পাকিস্তান পালেগৈ মহাৰাষ্ট্ৰৰ এজন যুৱক। জানিব পৰা মতে ২০ বছৰীয়া যুৱক চিদ্দিক মহম্মদ জিছান প্ৰেমত পৰিছিল এগৰাকী পাকিস্তানী যুৱতীৰ। পাকিস্তানৰ কাৰাচীৰ বাসিন্দা যুৱতীগৰাকীৰ নাম ছামৰা।
ছচিয়েল মিডিয়াৰ যোগেদি সংস্পৰ্শলৈ অহা জিছান আৰু ছামৰাৰ প্ৰেমে বাৰুকৈয়ে জমি উঠিল। দুৰ্দান্ত প্ৰেমে টানি নিলে জিছানক। প্ৰেমিকাক কেনেকৈ বিচাৰি যাব প্ৰেমিকা ছামৰাক এবাৰ লগ পোৱাৰ হেঁপাহে বাৰুকৈয়ে চুই গৈছিল জিছানক গতিকে কাহানিও চিনি নোপোৱা পথৰ পথিক হৈ ৰাওনা হ’ল পাকিস্তানলৈ। গুজৰাটৰ ৰান অব কাচ্ছৰ পাৰহৈ পাকিস্তান যোৱাৰ সিদ্ধান্ত ল’লে জিছানে আৰু সাৰথি মাত্ৰ গুগল মেপ। গুগল মেপক সাৰথি কৰি সীমান্তৰ ১.৫ কিমি অতিক্ৰম কৰিলে প্ৰেমিক জিছানে।
গুগল মেপৰ সহায়ত অচিন পথৰ সন্ধান লৈ পাকিস্তানলৈ ৰাওনা হওঁতেই জিছান পৰিল BSF জোৱানৰ হাতত। আশাত যেন চেঁচাপানী। BSF জোৱানে কৰায়ত্ত কৰি গতাই দিলে আৰক্ষীক। আৰক্ষীৰ হেঁচাত সকলো কথা কৈ পেলালে ২০ বছৰীয়া যুৱকজনে। আনহাতে জিছানৰ পিতৃ-মাতৃয়ে স্থানীয় আৰক্ষী চকীত সন্ধানহীন হোৱাৰ গোচৰ ৰুজু কৰিছে। মহাৰাষ্ট্ৰ আৰু গুজৰাট আৰক্ষীৰ যুটীয়া অভিযান উদ্ধাৰ যুৱকজন।
কথাতে কয় প্ৰেমত ফুলে শতদল, প্ৰেমত ঘূৰে ভূমণ্ডল। গতিকে প্ৰেমৰ বাবে সকলো সম্ভৱ। প্ৰেম চিৰশ্বাশত। প্ৰেম আশীৰ্বাদ।