মহাৰাষ্ট্রত শিলাবৃষ্টিত আঙুৰ খেতিৰ ক্ষতিসাধন
নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ জলবায়ু পৰিৱর্তনৰ প্রতিকূল প্রভাৱৰ ফলত কালি মহাৰাষ্ট্র আহমেদনগৰ জিলাত প্রবল শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰিছে৷ শিলাবৃষ্টিৰ ফলত জিলাখনৰ ৰাহাটা, শ্রীৰামপুৰ আৰু নেভাছা অঞ্চলত ক্ষতিসাধন হৈছে আঙুৰ আৰু পিঁয়াজৰ খেতি৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা এই শিলাবৃষ্টিৰ সতর্কবাণী কৰা হৈছিল৷ লক্ষণীয়ভাৱে বিভাগটোৰ তৰফৰ পৰা মধ্যপ্রদেশ, পশ্চিমবংগ, ঝাৰখণ্ড, সত্তীশগড় আৰু উত্তৰ–পূবৰ সাতখন ৰাজ্যত আগন্তুক দুটা দিনত মূষলধাৰ বৃষ্টিপাতৰ সম্ভাৱনা আছে বুলি সতর্কবাণী কৰা হৈছে৷ এই সময়ছোৱাত শিলাবৃষ্টি, ধুমুহা আৰু প্রবল বজ্রপাতৰ আশংকা আছে৷