নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওড়িশা–পশ্চিমবংগত উপ–নির্বাচন ৩০ ছেপ্টেম্বৰতঃ ভৱানীপুৰত প্রতিদ্বন্দ্বিতাৰ বাবে সাজু মুখ্যমন্ত্রী বেনার্জী

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ পশ্চিমবংগ আৰু ওড়িশা বিধানসভাৰ উপ–নির্বাচনৰ দিন ঘোষণা কৰিলে নির্বাচন আয়োগে৷ পশ্চিমবংগৰ তিনিটা বিধানসভা সমষ্টি ভৱানীপুৰ, চমছেৰগঞ্জ আৰু জংগীপুৰৰ লগতে ওড়িশাৰ পিপলি বিধানসভা সমষ্টিত অহা ৩০ ছেপ্টেম্বৰত নির্বাচন অনুষ্ঠিত হ’ব৷ এই নির্বাচনৰ ফলাফল চাৰি অক্টোবৰত ঘোষণা কৰা হ’ব৷ নির্বাচন আয়োগে উপ–নির্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে এই উপ–নির্বাচনৰ বাবে যুঁজিবলৈ টঙালি বান্ধিছে৷

মুখ্যমন্ত্রী হিচাপে কার্যনির্বাহ কৰি থকা মমতা বেনার্জী কোনো বিধানসভা সমষ্টিৰ প্রতিনিধি নহয়৷ সেয়েহে সংবিধান অনুসৰি ৬ মাহৰ ভিতৰত বেনার্জীয়ে বিধায়ক হিচাপে নির্বাচিত হ’ব লাগিব৷ আয়োগে নির্বাচনৰ দিন ঘোষণা কৰাৰ পিছতেই ভৱানীপুৰ বিধানসভা সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্রী বেনার্জী সাজু বুলি মন্তব্য কৰিছে৷

উল্লেখ্য যে যোৱা বিধানসভা নির্বাচনত বিজেপিক শোচনীয়ভাৱে পৰাভূত কৰি শাসনৰ গাদীত মুখ্যমন্ত্রী বেনার্জীৰ দল তৃণমূল কংগ্রেছ জয়ী হৈছিল যদিও স্বয়ং দলটোৰ মুৰব্বী তথা মুখ্যমন্ত্রী বেনার্জী নন্দীগাম বিধানসভা সমষ্টিত তেওঁৰেই একালৰ সতীর্থ তথা বিজেপি নেতা শুভেন্দু অধিকাৰীৰ হাতত পৰাজিত হৈছিল৷ এই উপ–নির্বাচনত মুখ্যমন্ত্রী বেনার্জীয়ে ভৱানীপুৰত নিজৰ ভাগ্য নির্ণয় কৰিব৷

You might also like