নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহত মমতা বেনার্জী চৰকাৰী এছএছকেএম হাস্পতালত চিকিৎসাধীন

নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ নন্দীগ্রামৰ নির্বাচনী প্রচাৰ সভাত দলবদ্ধ আক্রমণৰ বলি হোৱা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী কলকাতাৰ চৰকাৰী এছ এছ কে এম হাস্পতালত চিকিৎসাধীন হৈ আছে৷ ভৰিত বেণ্ডেজ মৰা অৱস্থাত চিকিৎসালয়ৰ বিছনাৰ পৰা ভিডিঅ’ বার্তাযোগে মুখ্যমন্ত্রী বেনার্জীয়ে দলীয় কর্মীক শান্তি বর্তাই ৰাখিবলৈ আহ্বান জনায়৷ ভিডিঅ’ বার্তাত মুখ্যমন্ত্রীগৰাকীয়ে দুই–তিনি দিনৰ ভিতৰত চিকিৎসালয়ৰ পৰা মুকলি হ’ব পাৰিব বুলি উল্লেখ কৰি তেওঁ হুইল চেয়াৰত কেইদিনমান থাকিব লাগিব বুলি মন্তব্য কৰে৷ তদুপৰি মুখ্যমন্ত্রীগৰাকীয়ে আঘাতৰ বাবে নির্বাচনী প্রচাৰত ব্যাঘাত নজন্মে বুলিও স্পষ্ট কৰি দিয়ে৷ মুখ্যমন্ত্রীগৰাকীয়ে ভিডিঅ’ বার্তাত পুনৰ কয় যে তেওঁৰ হাত–ভৰি আৰু লিগামেণ্টত আঘাত হৈছে৷ তেওঁ যেতিয়া কাৰৰ ওচৰত থিয় হৈ আছিল, তেতিয়াই কোনোবাই তেওঁক ঠেলি দিছিল৷ কালি নন্দীগ্রামত এই ঘটনাৰ পাছত বর্তমান তেওঁ কলকাতাত আছে আৰু শীঘ্রে কলকাতা এৰি প্রচাৰাভিযানত নামি পৰিব৷ উল্লেখ্য যে হাস্পতালখনৰ চিকিৎসকে প্রকাশ কৰা মতে, মুখ্যমন্ত্রী বেনার্জী বর্তমান সুস্থিৰ৷ কেইবাটাও চিকিৎসা পৰীক্ষা কৰিব লাগিব৷

ইপিনে, মুখ্যমন্ত্রী বেনার্জীক আক্রমণৰ ঘটনাত ষড়যন্ত্র থকা বুলি উল্লেখ কৰি তৃণমূল কংগ্রেছ দলৰ প্রতিনিধিয়ে আজি নির্বাচন আয়োগক সাক্ষাৎ কৰে৷ নির্বাচনী প্রচাৰৰ সময়ত নন্দীগ্রামত তেওঁৰ নিৰাপত্তা পর্যাপ্ত নোহোৱা বাবে আক্রমণৰ সন্মুখীন হ’বলগীয়া হোৱা বুলি নির্বাচন আয়োগক গৰিহণা দিয়ে৷ এই ঘটনাৰ দায়িত্বও নির্বাচন আয়োগে ল’ব লাগিব বুলি প্রতিনিধি দলটোৱে দাবী কৰে৷ আনহাতে, মুখ্যমন্ত্রী বেনার্জীক যোৱানিশা নন্দীগ্রামত আক্রামণৰ ঘটনা সন্দর্ভত কলকাতা আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল৷ টি এম চিৰ নেতা শ্বেখ ছুফিয়ানৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ শীর্ষ আৰক্ষী বিষয়াৰ সূত্রত প্রকাশ পোৱা মতে, প্রাৰম্ভিক অনুসন্ধানত মুখ্যমন্ত্রী বেনার্জী আক্রমণৰ সন্মুখীন হোৱা নাই৷ সমগ্র ঘটনাৰ তদন্তৰ অন্ততহে স্পষ্ট হৈ পৰিব৷ আনহাতে, মুখ্যমন্ত্রী বেনার্জীয়ে পৰোক্ষভাৱে আক্রমণত বিজেপি জড়িত থকা বুলি কৰা অভিযোগো খণ্ডন কৰি বিজেপিৰ শীর্ষ নেতাই উক্ত ঘটনাৰ তদন্তৰ বাবে নির্বাচন আয়োগক দাবী জনাইছে৷

You might also like