আচৰিত আদেশ! যুৱতীৰ সৈতে নিশা কটোৱাৰ ২৪ ঘণ্টাৰ আগেয়ে জনাব লাগিব আৰক্ষীক…
নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ আদালতৰ আজৱ ৰায়। কোনো মহিলাৰ সৈতে কেতিয়া নিশা কটাব সেই বিষয়ে ২৪ ঘণ্টাৰ আগতে আৰক্ষীক মহিলাগৰাকীৰ বিষয়ে জনাব লাগিব। এই ৰায় দিছে বৃটেইনৰ এখন আদালতে।
৩৯ বছৰীয়া যুৱক দীন দায়াৰৰ ওপৰত যৌন নিৰ্যাতনৰ বহু গোচৰ চলি আছে। এগৰাকী মহিলাই যুৱকজনৰ ওপৰত অভিযোগ উত্থাপন কৰিছিল যে এটা পাৰ্টীত মহিলাগৰাকীক অনিশ্চাকৃতভাৱে স্পৰ্শ কৰিছিল।
আনহাতে যুৱকজনৰ ওপৰত ১৪ বছৰীয়া এগৰাকী কিশোৰীৰো আছে অভিযোগ। বহুতৰ লগত অনৈতিক সম্পৰ্ক স্থাপন কৰাৰ লগতে বহু যৌন অপৰাধৰ লগত জড়িত বুলি অভিযোগ আছে যুৱকজনৰ বিৰুদ্ধে। কিন্তু যুৱকজন এতিয়ালৈকে দোষী সাব্যস্ত হোৱা নাই।
ডেইলী মেইলৰ মতে, আদালতে যুৱকজনৰ সকলো ভাষ্য শুনাৰ পিছত আদালতে ৰায়দান কৰে যে কোনো মহিলাৰ সৈতে কেতিয়া নিশা কটাব সেই বিষয়ে ২৪ ঘণ্টাৰ আগতে আৰক্ষীক মহিলাগৰাকীৰ বিষয়ে জনাব লাগিব।
বৃটেইনত এনেধৰণৰ ৰায়ক Sex retention order বুলি কোৱা হয়। এই চিভিল অৰ্ডাৰ এনেধৰণৰ লোকক এইকাৰণে দিয়া হয় যাতে দোষী সাব্যস্ত নহলেও এওঁলোকক সমাজৰ বাবে বিপদজনক বুলি ভবা হয়।