নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট: ক’ভিড–১৯ মহামাৰীৰ বিৰুদ্ধে চলি থকা টিকাকৰণ প্রক্রিয়া দেশজুৰি ক্ষিপ্রতৰ হৈ আছে৷ বুধবাৰে ক’ভিড–১৯ ভেকচিনৰ ৬০ কোটি ড’জ অতিক্রম কৰিলে৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মান্দাভিয়াই এই কথা ঘোষণা কৰি কয় যে সবকা স্বাস্থ্য, সব কী সুৰক্ষা মন্ত্রক টিকাকৰণত প্রাধান্য দিয়া হৈছে৷
উল্লেখ্য যে যোৱা ১ এপ্রিলৰ পৰা আৰম্ভ হোৱা ক’ভিড–১৯ ভেকচিন প্রথম ৮৫ দিনত ১০ কোটি প্রদান কৰা হৈছে৷ দ্বিতীয় ১০ কোটি ৪৫ দিনত, তৃতীয় ১০ কোটি ২৯ দিনত, চতুর্থ ১০ কোটি ২৪ দিনত, পঞ্চম ১০ কোটি ২০ দিনত আৰু শেহতীয়াকৈ ১০ কোটি ড’জ ১৯ দিনত প্রদান কৰা হৈছে৷ এই লৈ মুঠ ৬০ কোটি ক’ভিড ভেকচিনৰ ড’জ প্রদান কৰা হৈছে৷
ইপিনে কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হয়৷ কেন্দ্রীয় ফার্মা সচিব এছ অপর্ণাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহত টিকাকৰণ সন্দর্ভত বিতং আলোচনা কৰা হয়৷
তাৎপর্যপূর্ণ যে অহা ২৭ আগষ্টৰ পৰা ৩১ আগষ্টলৈকে বিদ্যালয় শিক্ষকক প্রাধান্য দি ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ ২ কোটিৰ অধিক অতিৰিক্ত ভেকচিনৰ ড’জ যোগান ধৰা হ’ব৷