ইমানেই যদি ভাৰতক ভাল লাগে তেন্তে পাকিস্তান এৰি ভাৰতলৈ গুচি যাওঁক
বিশেষ বাৰ্তা, ৯ এপ্ৰিলঃ অনাস্থা প্রস্তাৱ খাৰিজ আৰু নেশ্বনেল এচেম্বলী ভাঙি দিয়াৰ সিদ্ধান্তক বৃহস্পতিবাৰে অসাংবিধানিক বুলি ঘোষণা কৰে পাক ছুপ্রিম কোর্টে। চাৰি দিনৰ শুনানিৰ পাছত প্রধান বিচাৰপতি উমৰ আটা বান্দিয়ালৰ নেতৃত্বত গঠিত পাক ছুপ্রিম কোর্টৰ পাঁচ সদস্যৰ বেঞ্চে এই ঘোষণা কৰে। ইয়াৰ পাছতেই শুকুৰবাৰে ৰাতি দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে পাক প্রধানমন্ত্রী ইমৰাণ খানে। ভাষণত ভাৰতৰ বিদেশ নীতিৰ প্রশংসা কৰে পাক প্রধানমন্ত্রীগৰাকীয়ে। তেওঁৰ সেই প্রশংসাৰ তীব্র সমালোচনা কৰিছে পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰিফৰ কন্যা মৰিয়ম নৱাজ শ্বৰিফে। মৰিয়মে কৈছে- ইমানেই যদি ভাৰতক ভাল লাগে তেন্তে ইমৰাণ খানে পাকিস্তান এৰি ভাৰতলৈ গুচি যাওঁক। ক্ষমতাৰ বাবে এনেদৰে কন্দা মানুহ জীৱনত প্ৰথম দেখা বুলিও মৰিয়মে সমালোচনা কৰে। ভাৰতৰ আত্মসন্মানক প্ৰশংসা কৰিছিল ইমৰাণে।