ভোজনবিলাস! অগ্ণিকাণ্ড সত্ত্বেও বিয়াৰ সুস্বাদু খাদ্য গ্রহণত ব্যস্ত অতিথি
নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ মহাপ্রলয় আহিলেও সুস্বাদু ভোজন আধাতে এৰি আহিব নোৱাৰি৷ মানুহৰ বাবে ভোজনবিলাস ত্যাগ কৰা সম্ভৱ নহয়৷ বৃহৎ দুর্যোগ আহিলেও মানুহে ভোজনবিলাস যে ত্যাগ নকৰে তাৰ এক উমান পোৱা গ’ল মহাৰাষ্ট্রৰ ভিৱাণ্ডিত৷ দেওবাৰে চহৰখনৰ আনছাৰী বিবাহ ভৱনত চলি আছিল বিবাহ উৎসৱৰ অভ্যর্থনা৷ অতিথিসকলে নৈশ আহাৰ গ্রহণ কৰি থকাৰ সময়তে বিবাহ ভৱনটোত অগ্ণিকাণ্ড সংঘটিত হয়৷ কিন্তু আশ্চর্যৰ বিষয়টো হৈছে ভৱনটোৰ পাছৰ ফালে দাওদাওকৈ জুই জ্বলি থকা সত্ত্বেও খাদ্যৰ মেজ এৰি আঁতৰি নগ’ল অতিথিসকল৷ সুস্বাদু আহাৰ গ্রহণত ব্যস্ত অতিথিসকলে এই অগ্ণিকাণ্ড সত্ত্বেও কেৱল খোৱাত মনোযোগ দিয়াহে দেখিবলৈ পোৱা গ’ল৷ ইতিমধ্যে ইয়াৰ ভিডি’ ফুটেজে ছ’চিয়েল মিডিয়াত জ্বৰ তুলিছে৷ মহাৰাষ্ট্রৰ থানেত এই ঘটনাক লৈ এতিয়া বিভিন্ন মহলত আলোড়নো চলিছে৷ ভয়াৱহ অগ্ণিকাণ্ড সত্ত্বেও কেনেদৰে অতিথিসকলে মনোযোগেৰে খাদ্য গ্রহণ কৰিব পাৰিলে তাক লৈ একাংশই আশ্চর্যও প্রকাশ কৰিছে৷