নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেনকা গান্ধীৰ বিৰুদ্ধে গোচৰ মালাপুৰম থানাত

নিয়মীয়া বাৰ্তা ৭ জুনঃ  কেৰালাত গাভিনী হাতীক ফলত ফটকা দি নিধন কৰাক লৈ বন বিভাগৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰা প্রাক্তন কেন্দ্রীয় মন্ত্রী মেনকা গান্ধীৰ বিৰুদ্ধে মালাপুৰম থানাত গোচৰ ৰুজু কৰা হৈছে৷ দেশজুৰি আলোড়ন সৃষ্টিকাৰী গাভিনী হত্যা সন্দর্ভত মন্তব্য কৰি মেনকা গান্ধীয়ে মালাপুৰমত এনে ঘটনা প্রায় সংঘটিত হোৱাৰ লগতে চোৰাং চিকাৰী কিম্বা বন্যপ্রাণী নিধনকাৰীৰ বিৰুদ্ধে কোনো পদক্ষেপ নলয় বুলি চৰকাৰখনৰ বন বিভাগক সমালোচনা কৰিছিল৷ ইয়াৰ পাছতেই কেৰালাত বিভিন্নজনে গান্ধীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাত আৰক্ষীয়ে গোচৰ ৰুজু কৰে৷ ৭টা অভিযোগৰ ভিত্তিত গান্ধীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৫৩ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷ উল্লেখ্য যে কেৰালাৰ মুছলিম অধ্যুষিত মালাপুৰমত একাংশ লোকে নির্দয়ভাৱে ফলত ফটকা দি গাভিনী হাতীটোক হত্যা কৰিছিল৷

You might also like