মেক্সিকোত ৭.৪ প্রাবল্যৰ ভূমিকম্প, ৭জনৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২৫ জুনঃ মেক্সিকোৰ দক্ষিণ প্রান্তৰ প্রশান্ত মহাসাগৰীয় উপকূলত অনুভূত পৰহি হোৱা ৭.৪ প্রাবল্যৰ এক ভূমিকম্পৰ ফলত সমগ্র অঞ্চলটোত সৃষ্টি হয় ধ্বংসলীলা৷ এই ভূমিকম্পৰ ফলত কমপক্ষেও ৭গৰাকী লোকৰ মৃত্যু হোৱা বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে।
ৰাজধানী মেক্সিকো চিটীৰ পৰা কেইবাশ কিলোমিটাৰ নিলগৰ অঞ্চলটোত ভূমিকম্পত বিধ্বস্ত হৈছে বহু প্রাসাদ৷ ভূমিকেন্দ্রটোৰ অভিকেন্দ্র আছিল পার্বত্য প্রদেশ ৱাকছাকাৰ প্রত্যন্ত গাঁও এখন৷ সংবাদ সংস্থা ৰয়টাৰৰ প্রতিবেদন অনুসৰি ভূমিকম্পত বিধ্বস্ত হৈছে পর্যটন নগৰী লা ক্ৰকেচিটাৰ বহু পথ তথা প্রাসাদ৷ অৱশ্যে সবিশেষ তথ্য তাৎক্ষণিকভাৱে সদৰী কৰিবলৈ সক্ষম হোৱা নাই সংবাদ মাধ্যম৷ অতি দুর্গম অঞ্চলৰ বাবেই উদ্ধাৰকাৰীৰ দলো বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হৈছে৷