শিশু অপৰাধঃ অনলাইন গেমৰ এটা সুন্দৰ বগা এন্দুৰৰ বাবেই হত্যা সমনীয়া নাবালিকাক
নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ মনোৰঞ্জনৰ আহিলা হিচাপে আজিকালিৰ যুৱ সমাজে বাছি লৈছে অনলাইন গেম। অনলাইন গেম শিশুৰো প্ৰিয়। কিন্তু এই অনলাইন গেমৰ বাবে এগৰাকী ১১ বছৰীয়া নাবালকৰ হাতত প্ৰাণ দিবলগীয়া হ’ল এজনী ১০ বছৰীয়া ছোৱালীয়ে।
কালি মধ্যপ্ৰদেশৰ ইণ্ডোৰত সংঘটিত এই শোকাৱহ ঘটনাৰ বিষয়ে আৰক্ষীয়ে সংবাদমেলযোগে ব্যক্ত কৰে। জানিব পৰা মতে, ইণ্ডোৰৰ লাচুডিয়া অঞ্চল নিৱাসী ১১ বছৰীয়া ল’ৰাজনে হত্যাৰ বলি হোৱা শিশু ছোৱালীজনীৰে অনলাইন গেম ফ্ৰী ফায়াৰ প্ৰায়ে খেলে। কিন্তু বাৰে বাৰে শিশু ছোৱালীজনীৰ হাতত পৰাজিত হয়।
ঘটনাৰ দিনা অনলাইন গেম ফ্ৰী ফায়াৰত থকা ল’ৰাজনৰ লগৰীয়া এটা বগা এন্দুৰ ছোৱালীজনীয়ে মাৰি পেলোৱাক লৈ ছোৱালীজনীক প্ৰশ্ন কৰাত, তাই মৰা নাই বুলি স্বীকাৰ কৰে। কিন্তু ল’ৰাজনে বগা এন্দুৰটো মাৰি পেলোৱাৰ সন্দেহত বেদনা সহ্য কৰিব নোৱাৰি বাস্তৱত ছোৱালীজনীক শিলেৰে মূৰত আঘাত কৰি হত্যা কৰে।
বাৰে বাৰে শিশু ছোৱালীজনীৰ হাতত হাৰি থকাৰ ক্ষোভ আৰু সুন্দৰ বগা এন্দুৰটো মাৰি পেলোৱাৰ বেদনা সহ্য কৰিব নোৱাৰা নাবালক ১১ বছৰীয়া ল’ৰাজনে অৱশেষত স্বাভাৱিকভাৱে হত্যা কৰি পেলায় সমনীয়া শিশু ছোৱালীজনীক।
গাৰ নোম শিয়ৰি উঠা এনে হত্যাকাণ্ডই অনলাইন গেমে শিশুৰ মনস্তত্ত্বত পেলোৱা প্ৰভাৱক লৈ প্ৰশ্ন উত্থাপন কৰিছে।