নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ দেশৰ বিভিন্ন জনকল্যাণমূলক কামৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ব্যক্তিগত পুঁজিৰ পৰা বৰঙণি দি আহিছে৷ কন্যা শিশুৰ শিক্ষাৰ পৰা আৰম্ভ কৰি গংগা পৰিষ্কৰণ আঁচনিলৈকে সকলোতে ব্যক্তিগত পুঁজিৰ পৰা বৰঙণি আগবঢ়োৱা প্রধানমন্ত্রীগৰাকীয় শেহতীয়াকৈ ক’ভিড–১৯ সংকটৰ মোকাবিলা কৰাৰ বাবে পি এম কেয়ার্ছ পুঁজিলৈ প্রাৰম্ভিক বৰঙণি হিচাপে আগবঢ়াইছে ২.২৫ লাখ টকা৷ মার্চ মাহত ক’ভিড–১৯ৰ মোকাবিলা কৰিবলৈ গঠন কৰা পি এম কেয়ার্ছ ফাণ্ডলৈ মাত্র ৫ দিনৰ ভিতৰতে ৩,০৭৪.৬২ কোটি টকা বৰঙণি হিচাপে আহিছিল৷
উল্লেখনীয় যে ক’ভিড–১৯ মহামাৰীৰ উপৰি জনস্বাস্থ্যৰ জৰুৰী তথা অন্যান্য জৰুৰী সেৱাৰ বাবে এই ধন ব্যৱহাৰ কৰি অহা হৈছে৷ প্রাকৃতিক দুর্যোগকে ধৰি সকলো ক্ষেত্রতে এতিয়া পি এম কেয়ার্ছ ফাণ্ডৰ ধন ব্যৱহাৰ কৰা হৈছে৷